danewsplus.com
danewsplus.com

কৃষকৰ বিজয়!অৱশেষত প্ৰত্যাহাৰ হ’ল বিতৰ্কিত কৃষি আইন

0 128


ডিজিটেল ডেস্কঃ বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰ
চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছত অসন্তুষ্টি

১৫ মাহজোৰা প্ৰতিবাদৰ অন্তত আনন্দৰ দিন আহিছে দেশৰ কৃষকৰ বাবে। সংসদৰ মজিয়াত বাতিল হ’ল কৃষি আইন।

বিৰোধীয়ে বিচাৰিছিল বিতৰ্ক
কিন্তু বিতৰ্ক নচলিল লোকসভাত
৪ মিনিটতে গৃহীত কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক
গৃহীত বিৰোধীৰ হুলস্থুলৰ মাজতে

সোমবাৰে সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনতেই কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে কৃষি আইন প্রত্যাহাৰ বিল দাখিল কৰে সংসদত। উল্লেখ্য যে বিগত ১৯ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু নানক জয়ন্তীত কৃষি আইন তিনিখন প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰিছিল। ইয়াৰ পাছতে সোমবাৰে সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনাই প্ৰত্যাশিতভাৱেই উত্থাপন হ’ল কৃষি আইন প্রত্যাহাৰ বিধেয়ক। লোকসভাত মাত্ৰ ৪ মিনিটতে সৰ্বসন্মতিক্ৰমে গৃহীত হ’ল বিধেয়কখন। ৰাজ্যসভাতো চমু আলোচনাৰ অন্তত গৃহীত হয় কৃষি আইন প্রত্যাহাৰ বিধেয়ক। ইয়াৰ লগে লগে বিতৰ্কিত ৩খন কৃষি আইন ইতিহাস হ’ল। স্বাভাৱিকতেই ইয়াৰ পাছতে কৃষকৰ মাজত দেখা গৈছে আনন্দৰ বন্যা।

কৃষি আইনক প্ৰত্যাহাৰ বিধেয়কক লৈ সংসদৰ মজিয়াত আলোচনাৰ দাবী কৰে কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে। কিন্তু কংগ্ৰেছৰ এই দাবী নস্যাত কৰা হয়। ইয়াতেই ক্ষুণ্ণ হৈ পৰে দলটোত সাংসদসকল। ইয়াৰ পূৰ্বে সংসদৰ চৌহদৰ ভিতৰতে থকা মহাত্মা গান্ধীৰ মূৰ্তিৰ সন্মুখত কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীৰ লগতে কংগ্ৰেছৰ সাংসদসকলে প্ৰতিবাদ সাব্যস্ত কৰে।

MSPক লৈ চৰকাৰে মুখ লুকাইছে
কংগ্ৰেছী সাংসদৰ অভিযোগ

উল্লেখ্য যে তিনিখন বিতৰ্কিত কৃষি আইনৰ সমান্তৰালভাৱে MSP অৰ্থাত ন্যূনতম সমৰ্থন মূল্যক লৈও প্ৰশ্ল উত্থাপন কৰিছিল কৃষকসকলে। কিন্তু কৃষি আইন প্রত্যাহাৰ বিধেয়ক উত্থাপনৰ সময়ত আলোচনাৰ সুযোগ নিদি চৰকাৰে কৃষকে লাভ কৰিবলগীয়া নূন্যতম সমৰ্থন মূল্য প্ৰসংগত গা এৰা দিয়াৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে।

Leave A Reply

Your email address will not be published.