danewsplus.com
danewsplus.com

মণিপুৰত নিৰ্মাণ বিশ্বৰ সৰ্ব্বোচ্চ ৰে’লৱে দলঙৰ স্তম্ভ

0 135

ডিজিটেল ডেস্কঃ ভাৰতীয় ৰে’লৱেই মণিপুৰত নিৰ্মাণ কৰিছে বিশ্বৰ আটাইতকৈ ওখ দলঙৰ থাম । অভিলাষী প্ৰকল্পটো ইম্ফলক দেশৰ ব্ৰডগজ নেটৱৰ্কৰ সৈতে সংযোগ কৰিবৰ বাবে নিৰ্মাণ কৰা ১১১ কিলোমিটাৰ দীঘল জিৰিবাম-ইম্ফল ৰে’লপথৰ অংশ। ১৪১ মিটাৰ উচ্চতাত নিৰ্মাণ কৰা দলংখনে ইউৰোপৰ মন্টেনেগ্ৰোৰ মালা-ৰিজেকা ভায়াডাক্টৰ ১৩৯ মিটাৰৰ অভিলেখ অতিক্ৰম কৰিব।

বৰ্তমান জিৰিবাম-ইম্ফলৰ মাজৰ ২২০কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ সময় লাগে প্ৰায় ১০-১২ ঘণ্টা। কিন্তু দলংখন সম্পূৰ্ণ হোৱাৰ পিছত এই দূৰত্ব দুইৰ পৰা আঢ়ৈ ঘণ্টাতেই অতিক্ৰম কৰিব পাৰিব। প্ৰকল্পটোৰ মুখ্য অভিযন্তা সন্দীপ শৰ্মাই জনায় ‘ দলং খনৰ নিৰ্মাণকাৰ্য্য ২০২৩ ৰ ডিচেম্বৰত সম্পূৰ্ণ হ’ব ‘। লগতে বিষয়া জনে কয় যে দলং খনৰ মুঠ ব্যয় হ’ব ৩৭৪ কোটি টকা ।

Leave A Reply

Your email address will not be published.