danewsplus.com
danewsplus.com

লখিমপুৰৰ চাৰি যুৱকৰ প্ৰশংসনীয় পদক্ষেপ: কৃষিকৰ্মৰে মোকলাইছে স্বাৱলম্বীতাৰ পথ

0 144

ডিজিটেল ডেস্ক: বাৰিষা সংহাৰী ৰূপ ধাৰণ কৰা ৰঙানদীয়ে পেলাই থৈ যোৱা পলসুৱা বালিময় পথাৰত দুহাতেৰে সেউজীয়া সপোন সজাই বাস্তৱ ৰূপ প্ৰদান কৰিছে চাৰি যুৱকে। লখিমপুৰ জিলাৰ নাওবৈচাৰ চাৰি যুৱকে খেতি কৰিয়েই বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। নিবনুৱা সমস্যাৰ উৰ্দ্ধত এতিয়া এই চাৰি যুৱকে বাছি লৈছে স্বাৱলম্বিতাৰ অনন্য পথ।

লখিমপুৰত বহুতৰে দৃষ্টি আকৰ্ষণ কৰা এই চাৰি যুৱকৰ নাম ক্ৰমে দুলেন বড়ি, সান্তনা পায়েং, বিপুল পায়েং আৰু সদা পায়েং। ৰঙানদীৰ বালিচাপৰিতেই বিগত ১০/১১ বছৰে ২০বিঘা মাটিত খেতি কৰি জীৱন নিৰ্বাহ কৰিছে এই যুৱককেইজনে। নিজেই স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ আন দহজন ব্যক্তিকো উপাৰ্জনৰ পথ দেখুৱাইছে তেওঁলোকে। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে এওঁলোকে ব্যৱসায় ভিত্তিত জাতিলাও, বন্ধাকবি, ফুলকবি, বিলাহী, জলকীয়া, আলু, মাটিমাহ আদিৰ খেতি কৰে। শিক্ষিত যুৱক চাৰিজনে খেতিসমূহত কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি কেৱল কেঁচু সাৰ প্ৰয়োগ কৰিয়েই মধ্য লখিমপুৰৰ ভিতৰতেই অধিক উৎপাদন কৰিবলৈ সক্ষম হৈছে।

কিন্তু ব্যতিক্ৰমী আৰু উদ্যমী যুৱককেইজনে মিছিং স্বায়ত্ব শাসিত পৰিষদৰ তৰফৰ পৰা আজি পৰ্যন্ত কোনো সুবিধা পোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰে। অঞ্চলটোৰ অৰ্থনৈতিক দিশত সৱল ভূমিকা গ্ৰহণ কৰি অহা এই চাৰি যুৱকক অসম চৰকাৰৰ কৃষি বিভাগ অথবা মিছিং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা কিছু আৰ্থিক সাহাৰ্য আগবঢ়ালে ভৱিষ্যতে হয়তো অঞ্চলটোৰ বহু শিক্ষিত যুৱক কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বী হ’বলৈ আগবাঢ়ি আহিব।

Leave A Reply

Your email address will not be published.