danewsplus.com
danewsplus.com

মহিলা বিগ বেছ লীগত সৃষ্টি হ’ল ইতিহাস, বঁটা লাভ প্ৰথম গৰাকী ভাৰতীয়ৰ

0 130

ডিজিটেল ডেস্কঃভাৰতৰ মহিলা টি-২০ আৰু এদিনীয়া দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে মহিলা বিগ বেছ লীগত ইতিহাস সৃষ্টি কৰিছে । হৰমনপ্ৰীত মহিলা বিগ বেছ লীগত প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট বঁটা লাভ কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হৈছে। মেলবৰ্ণ ৰেনেগেডছৰ হৈ খেল খনত অংশগ্ৰহণ কৰিছিল হৰমনপ্ৰীতে।

অলৰাউণ্ডাৰ হৰমনপ্ৰীতে প্ৰতিযোগিতাখনত হোৱা ১১ খন খেলত ১৩৫.২৫ গড়ে ৩৯৯ ৰাণ সংগ্ৰহ কৰাৰ লগতে ২০.৪ গড়ে বলিংত ১৫ টা উইকেট দখল কৰে। ১৮ টা ছয় মাৰিবলৈ সক্ষম হয় হৰমনপ্ৰীত। প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্টৰ ভোটদানত সৰ্বাধিক ৩১ টা ভোট লাভ কৰে হৰমনপ্ৰীত কৌৰে।  

Leave A Reply

Your email address will not be published.