danewsplus.com
danewsplus.com

বিকি-কেটৰিনাৰ বিয়াত নিষিদ্ধ ম’বাইল ফোন

0 445

ডিজিটেল ডেক্সঃ কেটৰিনা কাইফ আৰু বিকি কৌশলৰ বিবাহৰ খবৰে সামাজিক মাধ্যমত লাভ কৰিছে চৰ্চাৰ শীৰ্ষস্থান। বৰ্তমান তেওঁলোকৰ সম্পৰ্কক পৰৱৰ্তী স্তৰলৈ নিবলৈ সাজু হৈছে দম্পতীটোৱে। দুয়ো ব্যস্ত হৈ পৰিছে এতিয়া বিয়াৰ প্ৰস্তুতিত। খবৰ অনুসৰি ডিচেম্বৰত বিবাহপাশত আবদ্ধ হ’ব জনপ্ৰিয় যুটীটো। ৰাজস্থানৰ এক ৰিজ’ৰ্টত সম্পন্ন হ’ব বিবাহৰ কাৰ্য।  


শেহতীয়া প্ৰতিবেদন অনুসৰি, বিকি আৰু কেটৰিনাই বিবাহস্থলীত অতিথিসকলৰ বাবে No-mobile নীতি আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। ইভেণ্ট মেনেজমেণ্ট এজেন্সীক দিয়া হৈছে কঠোৰ নিৰ্দেশ। প্ৰতিজন অতিথিৰ ওপৰত থাকিব ছিকিউৰিটী টীমৰ কঠোৰ নজৰ। দুয়োজন তাৰকাই জীৱনৰ আটাইতকৈ ডাঙৰ দিনটোত সৰ্বাধিক গোপনীয়তা বজাই ৰখাৰ চেষ্টা কৰিছে যাতে তেওঁলোকৰ অজ্ঞাতে কোনো ফটো বা ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ নহয়।

Leave A Reply

Your email address will not be published.