danewsplus.com
danewsplus.com

বৃহস্পতিবাৰে নয়দা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰে মোদীয়ে

0 358

ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ গৌতম বুদ্ধ নগৰৰ জেৱাৰত নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰে। ১,৩০০ হেক্টৰতকৈও অধিক ভূমিত বিস্তীৰ্ণ বিমানবন্দৰটো সম্পূৰ্ণ হোৱাৰ পিছত ভাৰতৰ সৰ্ববৃহৎ বিমানবন্দৰ বুলি গণ্য কৰা হ’ব।

নিৰ্মিয়মান নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো ৰাজ্যখনৰ পঞ্চম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। এই বিমানবন্দৰটো ২০২৪ চনৰ ভিতৰত কাৰ্যক্ষম হ’ব। এই বিমানবন্দৰটো নিৰ্মাণ কৰাৰ উদ্দেশ্য হ’ল দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যাত্ৰীৰ বৰ্ধিত ভিৰ কম কৰা। নয়দা বিমানবন্দৰটো ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত স্থাপন কৰা দ্বিতীয়টো আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ কেন্দ্ৰ।

উক্ত অনুষ্ঠানত মোডীৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত আছিল। পূৰ্বৰ চৰকাৰসমূহক সমালোচনা কৰি মোডীয়ে কয় যে, তেওঁলোকে জনসাধাৰণক সদায় “মিছা সপোন” দেখুৱায়। স্বাধীনতাৰ সাত দশকৰ পিছত উত্তৰ প্ৰদেশে অৱশেষত নিজৰ প্ৰাপ্য খিনি লাভ কৰিছে। যোগী আদিত্যনাথ নেতৃত্বাধীন বিজেপি চৰকাৰক প্ৰশংসা কৰি তেওঁ কয় যে: “ডাবল ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাত উত্তৰ প্ৰদেশ দেশৰ আটাইতকৈ সংযোজিত অঞ্চললৈ পৰিণত হৈছে।

Leave A Reply

Your email address will not be published.