danewsplus.com
danewsplus.com

প্ৰিয়ংকা চোপ্ৰাই বাদ দিছে নিক্ জোনাছৰ উপাধি, ফাঁট মেলিছে নেকি দুয়োৰে সম্পৰ্ক ?

0 175

ডিজিটেল ডেস্কঃ প্ৰিয়ংকা চোপ্ৰা আৰু নিক্ জোনাছৰ বিবাহ বিচ্ছেদৰ অনুমানক লৈ ছচিয়েল মিডিয়াত হৈছে ব্যাপক চৰ্চা। প্ৰিয়ংকাই ইনষ্টাগ্ৰাম একাউন্টত নিজৰ উপাধি সলনি কৰাৰ পিছতে তোলপাৰ লাগিছে সামাজিক মাধ্যমত। হঠাৎ ‘জোনাছ’ উপাধিটো আঁতৰাই দিয়াৰ পিছতে প্ৰিয়ংকাৰ অনুৰাগীসকলৰ মাজত বৃদ্ধি পাইছে কৌতুহল। সকলোৰে এটাই প্ৰশ্ন ফাঁট মেলিছে নেকি প্ৰিয়ংকা আৰু নিকৰ সম্পৰ্ক?

দম্পতীটোৰ বৈবাহিক সম্পৰ্কক লৈ নানা আলোচনাৰে তোলপাৰ হৈ পৰিছে ছচিয়েল মিডিয়া। অধিকাংশ লোকে এইয়া দুয়োৰে বিবাহ বিচ্ছেদৰ সংকেট বুলি সন্দেহ কৰিছে। ইয়াৰ পিছতে প্ৰতিক্ৰিয়া দিবলৈ বাধ্য হৈছে প্ৰিয়ংকাৰ মাতৃ। মধু চোপ্ৰাই এই সন্দৰ্ভত মন্তৱ্য কৰে যে ‘এই সকলোবোৰ মিছা, উৰাবাতৰিত বিশ্বাস নকৰিব। আচলতে প্ৰিয়ংকাই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত কিছু সালসলনি কৰিছে য’ত প্ৰিয়ংকাই ‘জোনাছ’ উপাধি  উঠাই দিছে।’

Leave A Reply

Your email address will not be published.