danewsplus.com
danewsplus.com

নাছাই প্ৰকাশ কৰিছে মঙ্গলগ্ৰহৰ প্ৰথমখন সূৰ্যাস্তৰ ছবি

0 206

ডিজিটেল ডেস্ক: নেচনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যনে (নাছা) মঙ্গলগ্ৰহৰ পৰা সূৰ্যাস্তৰ এক মন্ত্ৰমুগ্ধ ছবি প্ৰকাশ কৰে। ফটোখন প্ৰিজাৰভেঞ্ছ ৰভাৰে তোলে আৰু ছবিখনক “Blue Sunset on Red Planet” বুলি নামাকৰণ কৰে।

নাছাৰ প্ৰিজাৰভেঞ্ছ মাৰ্চ ৰ’ভাৰে তোলা সূৰ্যাস্তৰ এইখন প্ৰথম ছবি ।এই ছবিখন ২০২১ চনৰ ৯ নৱেম্বৰত ৰ’ভাৰৰ মাষ্টকেম-জেড কেমেৰাৰ দ্বাৰা বন্দী কৰা হয়। যদিও প্ৰিজাৰভেঞ্ছৰ দ্বাৰা চিত্ৰিত এইখন প্ৰথম সূৰ্যাস্তৰ ছবি কিন্তু ৰবটিক অন্বেষণকাৰীসকলে 1970 ৰ দশকৰ পৰা ৰঙা গ্ৰহৰ পৃষ্ঠৰ পৰা সূৰ্য পৰ্য্যবেক্ষণ কৰি আছে।

নাছাৰ প্ৰিজাৰভেঞ্ছ মাৰ্চ ৰ’ভাৰৰ টুইটাৰত ছবিখন প্ৰকাশ কৰি লিখে যে, “Take a moment to marvel at this: I captured my first view of a Martian sunset with my Mastcam-Z. It’s easy to be go-go-go all the time, but it’s also important to look up.”

Leave A Reply

Your email address will not be published.