danewsplus.com
danewsplus.com

ড্ৰীম গাৰ্ল হেমা মালিনীলৈ IFFI ২০২১ ভাৰতীয় চলচ্চিত্ৰ ব্যক্তিত্ব সন্মান

0 280

ডিজিটেল ডেক্সঃ গোৱাত অনুষ্ঠিত ভাৰতীয় আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ (IFFI)ত ভাৰতীয় চলচ্চিত্ৰ ব্যক্তিত্ব ২০২১ সন্মান প্ৰদান কৰা হৈছে ড্ৰীম গাৰ্ল হেমা মালিনীক। এই সন্মানক তেওঁ বহু বছৰৰ শ্ৰমৰ ফল বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে তেওঁক সন্মান প্ৰদান কৰি প্ৰশংসা কৰে আৰু কয় যে তেওঁ চলচ্চিত্ৰ প্ৰেমীসকলৰ প্ৰজন্মক আকৰ্ষিত কৰি আহিছে।


১৯৫২ চনত প্ৰতিষ্ঠা হোৱা এই চলচ্চিত্ৰ মহোৎসৱ প্ৰতি বছৰে বিশ্ব চলচ্চিত্ৰৰ উৎকৰ্ষতা উদযাপনৰ বাবে অনুষ্ঠিত হৈ আহিছে। IFFI গোৱা চৰকাৰ , তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত কাম কৰা চলচ্চিত্ৰ মহোৎসৱ সঞ্চালকৰ দ্বাৰা যুটীয়াভাৱে পৰিচালনা কৰা হৈছে। চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ আৰু ঘোষক মনীষ পলৰ দ্বাৰা সম্পন্ন হয় উদ্বোধনী অনুষ্ঠানৰ । ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ চলিব লগীয়া মহোৎসৱত বিশ্বৰ ৩০০ তকৈও অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হব।

Leave A Reply

Your email address will not be published.