danewsplus.com
danewsplus.com

ভাৰতীয় নৌ-সেনাত চামিল যুদ্ধ জাহাজ বিশাখাপট্টনম

0 201

ডিজিটেল ডেস্ক: ভাৰতীয় নৌ-সেনাত চামিল হ’ল এক নতুন সংযোজন। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মুম্বাইৰ Naval Dockyardত ভাৰতীয় নৌসেনাক আনুষ্ঠানিকভাৱে অৰ্পণ কৰে যুদ্ধ জাহাজ বিশাখাপট্টনম। MAKE IN INDIAৰ অধীনত নিৰ্মাণ কৰা হৈছে ছাবমেৰিন ধ্বংস কৰিব পৰা ৰকেট লন্সাৰেৰে সমৃদ্ধ এই জাহাজখন। মুম্বাইৰ পশ্চিম নৌ সেনা কমাণ্ডত প্ৰকল্প ১৫বি-ৰ অধীনত চাৰিখন ষ্টিল্থ গাইডেড-মিছাইল ধ্বংসকাৰী জাহাজৰ ভিতৰত আইএনএছ বিশাখাপত্তনম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে ভাৰতীয় নৌসেনাৰ ফায়াৰপাৱাৰে এক নতুন মাত্ৰা লাভ কৰে।

ভাৰতীয় নৌ-সেনাত যুদ্ধ জাহাজখন চামিল কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দেওবাৰে কয় যে, “Today, as INS Visakhapatnam manufactured by MDSL is successfully commissioned, there is no doubt that in the coming times, we will be shipbuilding not only for our own needs, but also for the needs of the entire world. I’m confident that INS Visakhapatnam will live up to her name and strengthen our maritime security” 

উল্লেখ্য যে, থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি যুদ্ধ জাহাজখন নিৰ্মাণ কৰা হৈছে। ৪০০ টন ষ্টিলেৰে নিৰ্মিত জাহাজখনত সংলগ্ন হৈছে অত্যাধুনিক SRGM মেচিনগান। ১৬ কিলোমিটাৰ পৰ্যন্ত লক্ষ্য ভেদ কৰিব পৰাৰ লগতে প্ৰতি মিনিটত ১২০ টাকৈ গুলী নিৰ্গত কৰিব পাৰে এই মেচিনগানে। আনহাতে, এই পৰ্যন্ত ১৩ বাৰকৈ অনুশীলনত সফল হৈছে যুদ্ধ জাহাজখন।

Leave A Reply

Your email address will not be published.