danewsplus.com
danewsplus.com

মুক্তিৰ পথত বৰুণ ধাৱান – কিয়াৰাৰ অভিনীত চিনেমা ‘Jug Jugg Jeeyo’

0 139

ডিজিটেল ডেস্ক : কৰণ জোহাৰৰ ধৰ্মা প্ৰডাকচনৰ চিনেমা ‘Jug Jugg Jyeeo’ -ৰ মুক্তিৰ দিন ঘোষণা কৰিলে কৰণ জোহাৰে । কৰণ জোহাৰে ইনষ্টাগ্ৰামত একাউণ্টত প্ৰকাশ কৰিছে যে,ৰাজ মেহতাৰ পৰিচালনাৰে নিৰ্মিত চিনেমাখন অহা ২০২২ বৰ্ষৰ ২৪ জুনত মুক্তি পাব।

বলিউদৰ এই চিনেমাখনৰ মূল চৰিত্ৰত আছে জনপ্ৰিয় অভিনেতা – অভিনেত্ৰী বৰুণ ধাৱান আৰু কিয়াৰা আদৱানি। উল্লেখনীয় যে, Jug Jug Jeeyo চিনেমাখনত প্ৰবীণ অভিনেতা অনিল কাপুৰ আৰু অভিনেত্ৰী নিতু কাপুৰকো দেখিবলৈ পোৱা যাব।

জোহাৰে চিনেমাখন সন্দৰ্ভত উল্লেখ কৰিছে যে , এই চিনেমাখন পৰিয়ালৰ সকলো লোকে একেলগে বহি উপভোগ কৰিব পৰা এখন হাস্যৰসৰে ভৰপূৰ চিনেমা। ইতিমধ্যে চিনেমাখনৰ পোষ্টাৰ মুকলি কৰিছে কৰণ জোহাৰে।

Leave A Reply

Your email address will not be published.