danewsplus.com
danewsplus.com

ভাৰতীয় নৌ বাহিনীত অন্তৰ্ভুক্ত হ’ল নতুন যুঁজাৰু জাহাজ

0 132

ডিজিটেল ডেস্কঃ ভাৰতীয় নৌ বাহিনীত নতুন যুঁজাৰু জাহাজ ৷ দেওবাৰে নৌ সেনাত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা হ’ল দেশৰ প্ৰথমখন ষ্টিল্থ গাইডেড মিছাইল ডেষ্ট্ৰয়াৰ INS বিশাখাপট্টনম ৷ মুম্বাইৰ নেভেল ডক য়াৰ্ডত এক বিশেষ অনুষ্ঠানত এই জাহাজখন অন্তৰ্ভুক্ত কৰা হ’ল নৌসেনাত ৷

এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে নৌসেনাৰ মুৰব্বী এডমিৰেল কৰমবীৰ সিং৷ মাঝগাঁও ডক শ্বীপ বিল্ডাৰ্ছ লিমিটেডে নিৰ্মাণ কৰা এই জাহাজখন যোৱা মাহত নৌ সেনাৰ হাতত অৰ্পণ কৰা হৈছিল ৷ ১৬৩ মিটাৰ দীঘল এই জাহাজখন ভালেমান অত্যাধুনিক প্ৰযুক্তিৰে সুসজ্জিত ৷ এই জাহাজখনৰ অন্তৰ্ভুক্তিয়ে ভাৰতীয় নৌ সেনাৰ শক্তি অধিক বৃদ্ধি কৰাৰ আশা কৰা হৈছে ৷

Leave A Reply

Your email address will not be published.