danewsplus.com
danewsplus.com

প্ৰচণ্ড বানপানীৰ ফলত অন্ধ্ৰ প্ৰদেশত মুখ্য ৰেল আৰু ৰাষ্ট্ৰীয় ঘাই পথ বিচ্ছিন্ন

0 152

ডিজিটেল ডেস্ক: অন্ধ্ৰ প্ৰদেশত দেওবাৰে পেনা নদী উপচি পৰাৰ ফলত সৃষ্টি হয় বিধ্বংসী বান। বানৰ ফলত ৰাজ্যখনক দক্ষিণ আৰু পূবৰ সৈতে সংযোগ কৰা মুখ্য ৰে’ল আৰু  ৰাষ্ট্ৰীয় ঘাই পথৰ সংযোগ বিচ্ছিন্ন হৈ পৰে। অন্ধ্ৰপ্ৰদেশৰ পাদুগুপাডুৰ পথ ডুবি যোৱাৰ পিছত এছ পি এছ নেল্লোৰ জিলাৰ চেন্নাই-কলকাতা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰি দিব লগা হয়। লগতে পাদুগুপাডুৰ ৰে’লপথত বানপানীৰ বাবে চেন্নাই-বিজয়ৱাড়া অভিমুখী প্ৰায় ১৭ খন এক্সপ্ৰেছ ৰে’লো বাতিল কৰা হয়।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, এছ পি এছ নেল্ল’ৰ জিলাৰ সোমাচিলা জলাশয়ৰ পানী ওফন্দি পৰাৰ ফলত অঞ্চলটো জলমগ্ন হৈ পৰে। ইয়াৰ ফলত কোউৰুৰ ৰাষ্ট্ৰীয় ঘাইপথ ব্যাহত হৈ পৰে। তাৰ পিছত নেল্লোৰ আৰু বিজয়ৱাড়াৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচল স্থগিত ৰখা হয় যাৰ ফলত কেইবা কিলোমিটাৰ ধৰি শ শ বাহন আৱদ্ধ হৈ পৰে। বাছ সেৱা ব্যাহত হোৱাৰ বাবে নেল্লোৰ আৰ টি এছ বাছ আস্থানটো শ শ যাত্ৰী আৱদ্ধ হৈ পৰে।

ৰাজ্যখনত এতিয়ালৈকে হোৱা ধাৰাসাৰ বৰষুণত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ এজন সদস্যকে ধৰি ২৫ জন লোকৰ মৃত্যু হৈছে, আনহাতে ১৭ জন লোক এতিয়াও সন্ধানহীন হৈ আছে। চৰকাৰে এক বিজ্ঞপ্তিত কয় যে ভাৰতীয় বায়ু সেনা, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰএফ), ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছ ডি আৰ এফ), আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে অনন্তপুৰামু, কাডাপা আৰু চিত্তুৰ জিলাৰ বৃহৎ বানপানীৰ পৰা এজন আৰক্ষী পৰিদৰ্শকসহ কমেও ৬৪ জন লোকক উদ্ধাৰ কৰে।

Leave A Reply

Your email address will not be published.