danewsplus.com
danewsplus.com

লিংগ বৈষম্যৰ বিৰুদ্ধে কেৰালাৰ এখন চৰকাৰী বিদ্যালয়ৰ অপূৰ্ব নিদৰ্শন

0 347

ডিজিটেল ডেস্ক:লিংগ বৈষম্যৰ বিৰুদ্ধে অপূৰ্ব নিদৰ্শন চৰ্চাত কেৰালাৰ এখন চৰকাৰী বিদ্যালয় ছাত্ৰ ছাত্ৰী উভয়ে পৰিধান কৰিব উমৈহতীয়া ইউনিফৰ্ম

লিংগ বৈষম্যৰ ধাৰণাৰ উৰ্দ্ধত কেৰেলাৰ এখন চৰকাৰী বিদ্যালয়। বিদ্যালয় কৰ্তৃপক্ষই লোৱা এক  সিদ্ধান্তই  আকৰ্ষণ কৰিছে দেশবাসীক। কেৰেলাৰ এৰ্নাকুলাম  জিলাৰ ভালায়াঞ্চিৰাংগাৰাত অৱস্থিত এই বিশেষ বিদ্যালয়খন।

বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে উমৈহতীয়া ইউনিফৰ্ম সকলোৱে পৰিধান কৰিব চাৰ্ট আৰু থ্ৰী কোৱাৰ্টাৰ পেণ্ট
নৱেম্বৰ মাহৰ পৰা কাৰ্যকৰী এই নিয়ম

২০১৮ চনত বিদ্যালয়খনে প্ৰৱৰ্তন কৰিছিল লিংগ নিৰপেক্ষ ইউনিফৰ্মৰ এই নীতি। প্ৰধান শিক্ষয়িত্ৰী চি ৰাজিয়ে শিক্ষক আৰু অভিভাৱকৰ সন্মিলিত সভাত উত্থাপন কৰা এই নীতিত অভিভাৱক সকলৰ পৰাও পাইছিল পূৰ্ণ সমৰ্থন।  বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত লিংগ বৈষম্যতাৰ ধাৰণা আঁতৰ কৰিবলৈ বাবেই বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰে এই পদক্ষেপ।

Leave A Reply

Your email address will not be published.