danewsplus.com
danewsplus.com

ট্ৰাক্স ফৰ্চ গঠন কৰা gmc-এ জানেনে, গুৱাহাটীৰ বজাৰত মূল্যবৃদ্ধিৰ জুই

0 164

ডিজিটেল ডেস্ক: মূল্যবৃদ্ধি ৰোধিবলৈ কামৰূপ মহানগৰীত গঠন ৪টাকৈ টাস্ক ফ’ৰ্চ৷ টাস্ক ফ’ৰ্চে চলালে বজাৰে বজাৰে অভিযান৷ কিন্তু নিয়ন্ত্ৰণত নাই বজাৰ৷ বজাৰভেদে সামগ্ৰীৰ মূল্য ভিন ভিন৷ গ্ৰাহকৰো হাৰাকাৰ অব্যাহত৷

গালো-বালো সকলো খোলাকটিৰ তাল
মূল্যবৃদ্ধি ৰোধৰ বাবে গঠন কৰা হৈছে ট্ৰাক্স ফৰ্চ
প্ৰভাৱ নাই বজাৰত
হাহাকাৰ অব্যাহত গ্ৰাহকৰ

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে কামৰূপ মহানগৰীত গঠন চাৰটাকৈ ট্ৰাক্স ফৰ্চ

মহানগৰীৰ বজাৰে বজাৰে টাস্ক ফৰ্চে চলালে
অভিযান
(কিন্তু) নিয়ন্ত্ৰিত হোৱা নাই বজাৰ
বজাৰ ভেদে দামো বেলেগ বেলেগ


মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ জনতাক। বজাৰ ভেদে সকলো সমগ্ৰীৰ ভিন্ন ভিন্ন দাম।

প্ৰতি কেজি আলুত ২৫ ৰ পৰা ৪০ টকা
পিয়াঁজ ৪৫ ৰ পৰা ৫০ টকা
বান্ধকবি ৪০ টকা
ফুলকবি ৪০ টকা
উলকবি ৪০ টকা
বীণ ৪০ টকা
বিলাহী ৮০ টকা
গাজৰ ৮০ৰ পৰা ১০০

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আমিও মহানগৰীৰ কেইবাখনো বজাৰত চলিছিলোঁ অভিযান।

প্ৰতি খন বজাৰতে আলু – পিয়াঁজৰ ভিন ভিন মূল্য।

কৰবাত যদি আলুৰ মূল্য ২৫ টকা কৰবাত আৰু ৪০ টকা। পিয়াঁজৰ ক্ষেত্ৰতো একেই । কৰবাত যদি ৪৫ টকা কৰবাত আকৌ ৫৫ টকা।আনহাতে মহানগৰীৰ ফাচীবজাৰ, ছয়মাইল আদিকে ধৰি কেইবাখনো বজাৰৰ অভিযান চলি ট্ৰাক্স ফৰ্চে ৷ বজাৰ সমূহত অভিযানকাৰী দলৰ ব্যৱসায়ীক কঠোৰ নিৰ্দেশ দামৰ ফলক লগাব লাগিব সকলোৱে ৷ অন্যথা লোৱা হব কঠোৰ ব্যৱস্থা।
ইপিনে ট্ৰাক্স ফৰ্চৰ অভিযানৰ পিছত DA news plusৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ ব্যৱসায়ীৰ।পূৰ্বেও মহানগৰীৰ বিভিন্ন বজাৰত ট্ৰাক্স ফৰ্চৰ অভিযান চলিছিল যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ ৷ জনসাধাৰণক আভুৱা ভৰিবলৈকে এনে এক ব্যৱস্থা চলি আছে নেকি?

Leave A Reply

Your email address will not be published.