danewsplus.com
danewsplus.com

সাৱধান! বিপদৰ পূৰ্বেই শক্তিশালী কৰক নিজৰ মোবাইল-কম্পিউটাৰৰ পাছৱৰ্ড

0 162

ডিজিটেল ডেস্ক : নৰ্ডপাছ নামৰ এটা পাছৱৰ্ড ব্যৱস্থাপনা সেৱা কেন্দ্ৰই শেষতীয়াকৈ ২০২১-ৰ এক গৱেষণাৰ প্ৰতিবেদনৰ দ্বাৰা ভাৰতত সচৰাচৰ ব্যৱহৃত হোৱা পাছৱৰ্ডৰ তালিকা প্ৰকাশ কৰিছে । লগতে পাছৱৰ্ডবোৰ ক্ৰেক কৰিবলৈ লগা সময়ৰ ওপৰতো গৱেষণা কৰিছে কেন্দ্ৰটোৱে।

প্ৰতিবেদন অনুসৰি 123456 , 12345678 , 123456789 , 12345 , 1234567890 ৰ দৰে সৰল সাংখ্যিক পাছৱৰ্ডবোৰ সমগ্ৰ বিশ্বৰ ব্যৱহাৰকাৰী সকলে ব্যাপক ভাৱে ব্যৱহাৰ কৰে । আৰু সৰল পাছৱৰ্ড কুৱেৰ্টি , পাছৱৰ্ড , ড্ৰেগন , জয়মাতাদি আদিও সাধাৰণতে ব্যৱহাৰ কৰে মোবাইল ফোন,কম্পিউটাৰ আদি ব্যৱহাৰকাৰী সকলে।

ভাৰতত অধিক সংখ্যক ব্যৱহাৰকাৰীয়ে ‘Password ‘ শব্দটোকেই পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰে বুলি কেন্দ্ৰটোৱে প্ৰতিবেদনত প্ৰকাশ কৰিছে । ইয়াৰ উপৰিও ভাৰতৰ ব্যৱহাৰকাৰী সকলে 12345,123456,123456,India123,iloveyou,Krishna,Sairam আদি পাছৱৰ্ড হিচাপে ব্যৱহাৰ কৰে বুলি প্ৰকাশ পাইছে উক্ত প্ৰতিবেদনত।

প্ৰতিবেদন অনুসৰি ভাৰতীয় ব্যৱহাৰকাৰীয়ে সচৰাচৰ ব্যৱহাৰ কৰা প্ৰায় ৬২ টা পাছৱৰ্ড ক্ৰেক কৰিবৰ বাবে ১ ছেকেণ্ডতকৈও কম সময় প্ৰয়োজন হয়। সেয়েহে উক্ত প্ৰতিবেদনখনত নৰ্ডপাছ নামৰ কেন্দ্ৰটোৱে ব্যৱহাৰকাৰী সকলক চাইবাৰ আক্ৰমণৰ পৰা সুৰক্ষিত থাকিবলৈ এটা শক্তিশালী পাছৱৰ্ড ব্যৱহাৰৰো পৰামৰ্শ প্ৰদান কৰিছে ।

Leave A Reply

Your email address will not be published.