danewsplus.com
danewsplus.com

বিজেপি একক সংখ্যাগৰিষ্ঠ হ’লে মিত্ৰজোঁটত এলাগী হ’ব নেকি অগপ-UPPL?

0 316


ডিজিটেল ডেস্ক: প্ৰসংগঃ অসম বিধানসভা
একক সংখ্যাগৰিষ্ঠ হোৱাৰ পথত বিজেপি
কি হ’ব শাসকীয় মিত্ৰজোঁটৰ ভৱিষ্যৎ
মিত্ৰজোঁটত দুৰ্বল হ’ব নেকি অগপ-UPPL

দেশৰ অধিকাংশ ৰাজ্যতে বিজেপিয়ে শাসন কৰি আছে যদিও দুই-এক ৰাজ্যৰ বাদে আন সমূহ ৰাজ্যত বিজেপি আছে আন দলৰ লগত মিত্ৰজোঁটত৷ কিন্তু ইয়াৰ মাজতে অসমে বিজেপি দলক একক ভাৱে চৰকাৰ গঠনৰ দিব পাৰে সুবিধা৷
দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমত চৰকাৰ গঠন কৰিলে বিজেপি-মিত্ৰজোঁটে৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ৬০খন আসন বিজেপিয়ে লৈ অসম গণ পৰিষদ আৰু UPPLৰ লগত গঠন কৰিলে চৰকাৰ৷ কিন্তু

৬০ৰ পৰা ৬৩ হ’ল বিজেপিৰ আসন
মেজিক নম্বল ৬৪ৰ পৰা এখোজ তলত বিজেপি
মাজুলী উপ-নিৰ্বাচন হ’ব বিজেপিৰ মেজিক নম্বৰ


নিশ্চিতভাৱে উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব মাজুলীত৷ নিৰ্বাচনৰ দিন ঘোষণা নহ’লেও ইতিমধ্যেই মাজুলী দখলক লৈ নামি পৰিছে গোৰুৱা বাহিনী৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মাজুলী পুনৰ বিজেপিলৈ অনাৰ প্ৰচেষ্টাত নামি পৰিছে স্বয়ং মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল স্পষ্ট হোৱাৰ পাছত মাজুলীক লৈ দৃঢ় হৈ পৰিছে গেৰুৱা বাহিনী৷ গতিকে মাজুলীৰ বিজেপিক মেজিক নম্বৰ ৬৪লৈ পৰ্যাবসিত কৰিব সেয়া প্ৰায় নিশ্চিত৷

অৰ্থাৎ অকলে চৰকাৰ গঠন কৰিব পাৰিব বিজেপিয়ে

যদি এয়া হয় গেৰুৱা বাহিনীৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত পুনৰ দাম বাঢ়িব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ কিন্তু যদিহে মুখ্যমন্ত্ৰী ড০ শৰ্মাই এয়া বিচাৰে তেনেহ’লে

শলঠেকত পৰিল পাৰে দুই মিত্ৰ দল
চৰকাৰত ক্ষমতা হ্ৰাস হ’ব পাৰে অগপ-UPPLৰ

এই কথা স্পষ্ট হৈছে যে এবছৰলৈ মন্ত্ৰীসভা সম্প্ৰসাৰণ নকৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ মিত্ৰ দলে দাবী কৰা অনুসৰি দুয়োটা দলে বিচাৰিছিল আৰু এটাকৈ মন্ত্ৰিত্ব৷ কিন্তু বিজেপিয়ে অকলে মেজিক নম্বৰ ৬৪ লাভ কৰি চৰকাৰ গঠনৰ ক্ষমতা অৰ্জন কৰা পাছতেই গুৰুত্বহীন কৰিব নেকি দুই মিত্ৰ দল অগপ আৰু UPPLক৷ যি চিন্তাই এতিয়া খুলি খুলি খাইছে দুই মিত্ৰ দলৰ আভ্যান্তৰত৷

Leave A Reply

Your email address will not be published.