danewsplus.com
danewsplus.com

শুকুৰবাৰে সমগ্ৰ বিশ্বজুৰি উদযাপন হ’ল আন্তৰ্জাতিক পুৰুষ দিৱস

0 122


ডিজিটেল ডেস্ক: ১৯৯৯ চনৰ পৰা প্ৰতি বছৰে ১৯ নৱেম্বৰত বিশ্বজুৰি পালন কৰি অহা হৈছে আন্তৰ্জাতিক পুৰুষ দিৱস । পিতৃ, ভাতৃ, স্বামী, সহকৰ্মীকে আদি কৰি সকলো পুৰুষে সমাজ-সংস্কৃতিলৈ আগবঢ়োৱা কৃতিত্ব আৰু অৱদানক সন্মান প্ৰদৰ্শন কৰি এই দিৱস পালন কৰা হয়। আন্তৰ্জাতিক পুৰুষ দিৱস ২০২১ ৰ বিষয়বস্তু হৈছে: “পুৰুষ আৰু মহিলাৰ মাজত উন্নত সম্পৰ্ক।”


আন্তৰ্জাতিক পুৰুষ দিৱস উদযাপনৰ উদ্দেশ্যবোৰ ৬টা স্তম্ভত ভাগ কৰা হৈছে, সেইসমূহ ক্ৰমে:
১. যোগাত্মক তথা ইতিবাচক কৰ্মৰে জীৱনৰ বাট প্ৰশস্ত কৰা পুৰুষসকলক সকলোৰে আগত চিনাকি কৰাই দিয়া। কেৱল চলচ্চিত্ৰ তাৰকা আৰু খেলুৱৈয়েই নহয় নিতৌ শ্ৰম কৰি সৎ আৰু শালীন জীৱন যাপন কৰা সকলোকে অনুপ্ৰাণিত কৰা।
২. সমাজ, সম্প্ৰদায়, পৰিয়াল, সন্তান সকলোৰে প্ৰতি নিজ দায়িত্ব পালন কৰা পুৰুষসকলৰ ইতিবাচক গুণসমূহ উদযাপন কৰা।
৩. পুৰুষৰ স্বাস্থ্য আৰু সুস্থতাৰ ওপৰত গুৰুত্ব দিয়া।
৪. পুৰুষৰ বিৰুদ্ধে হোৱা বৈষম্যমূলক আচৰণৰ আলোকপাত কৰা।
৫.পুৰুষ আৰু মহিলা সকলৰ মাজৰ লিংগ ভিত্তিক সম্পৰ্ক উন্নত কৰা।
৬.এক সুৰক্ষিত আৰু উন্নত পৃথিৱী সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা য’ত সকলোৱে নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিবলৈ সক্ষম হয়।


আন্তৰ্জাতিক পুৰুষ দিৱস প্ৰথমবাৰৰ ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰীত থমাছ অষ্টাৰে উদযাপন কৰিছিল। ১৯৯৯ চনত ত্ৰিনিদাদ টাবাগোৰ ৱেষ্ট ইণ্ডিজ বিশ্ববিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰবক্তা ড০ জেৰোম টিলাকসিঙে এই দিনটো পুনৰুজ্জীৱিত কৰিছিল।
অন্যহাতে আন্তৰ্জাতিক মহিলা দিৱসৰ সৈতে প্ৰতিযোগিতা কৰাৰ উদ্দেশ্যে এই দিনটো উদযাপন কৰা নহয়, বৰঞ্চ পুৰুষসকলৰ মাজত সুস্থ মানসিকতা বিকাশ কৰাটোৱেই হৈছে আন্তৰ্জাতিক পুৰুষ দিৱস উদযাপনৰ মূল লক্ষ্য।

Leave A Reply

Your email address will not be published.