danewsplus.com
danewsplus.com

১২ ঘণ্টাৰ বাবে কিয় চকুত কাপোৰ বান্ধি সকলো কাম কৰিলে বলীউড অভিনেত্ৰী তাপসী পান্নুৱে?

0 141


ডিজিটেল ডেস্ক: বলীউড অভিনেত্ৰী তাপসী পান্নুৱে তেওঁৰ “Badla”, “Thappad”, আৰু “Haseen Dillruba” ৰ দৰে চলচ্চিত্ৰৰ জৰিয়তে দৰ্শকৰ মাজত সমাদৰ লাভ কৰিছে।অভিনেত্ৰীগৰাকীয়ে অলপতে তেওঁৰ ছবি “Blurr”ৰ শ্বুটিং সমাপ্ত কৰিছে, যি হৈছে এক মনস্তাত্ত্বিক থ্ৰিলাৰ।


এক সূত্ৰ অনুসৰি, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰ “Blurr” ৰ বাবে চৰিত্ৰৰ সৈতে খাপ খাব পৰাকৈ ১২ ঘণ্টাৰ বাবে নিজৰ চকুত পটি লগোৱাৰ সিদ্ধান্ত লৈছিল।


জীৱনৰ অপৰিহাৰ্য পৰিস্থিতিত আৱদ্ধ এগৰাকী যুৱতীৰ জীৱনৰ আধাৰত নিৰ্মান কৰা হৈছে “Blurr” ছবিখন। “Blurr” ৰ উপৰিও তাপসীক “Looop Lapeta”, “DooBaaraa”, আৰু “Shabaash Mithu” ত দেখা পোৱা যাব।


সূত্ৰ অনুসৰি “তাপসীয়ে তেওঁৰ চৰিত্ৰৰ অনুভূতি অনুভৱ কৰিবলৈ সংকল্পবদ্ধ আছিল। অভিনেত্ৰীগৰাকীয়ে ১২ ঘণ্টাৰ বাবে চকুত পটি বান্ধি থাকিবলৈ সিদ্ধান্ত লৈছিল। ৰাতিপুৱা ৭ বজাৰ পৰা চকুহাল কপাহেৰে ঢাকি ৰাখিছিল আৰু তেনেকৈয়ে সকলো দৈনন্দিন কাৰ্য কৰিবলৈ আগবাঢ়ি গৈছিল। চকুৰ পটি আঁতৰ নকৰাকৈ ফোন কলৰ উত্তৰ দিয়া,খাদ্য খোৱা, চিনেমাখনৰ কৰ্মচাৰী, কলাকুশলীৰ সৈতে কথা পাতিছিল অভিনেত্ৰী গৰাকীয়ে।”


চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে গুলচন দেৱাই। ছবিখন পৰিচালনা কৰিছে অজয় বহেলে আৰু কাহিনীটো লিখি উলিয়াইছে পৱন চনিয়ে। “Zee Studios, Outsider Films and Echelon Productions” ৰ দ্বাৰা চলচ্চিত্ৰখন প্ৰযোজনা কৰা হৈছে।

Leave A Reply

Your email address will not be published.