danewsplus.com
danewsplus.com

পুনৰ বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ চৰ্চাত কংগনা ৰাণাৱট: এইবাৰৰ বিষয় মহাত্মা গান্ধী

0 102


ডিজিটেল ডেস্ক: পুনৰ চর্চালৈ আহিছে বলীউড অভিনেত্ৰী কংগনা ৰাণাৱট। মহাত্মা গান্ধী সন্দৰ্ভত কৰা মন্তব্যৰ বাবে মহাৰাষ্ট্ৰৰ কংগ্ৰেছে অভিনেত্ৰী গৰাকীৰ ওপৰত গোচৰ ৰুজু কৰাৰ ভাবুকি প্ৰদান কৰিছে।


মঙলবাৰে কংগনাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন পুৰণি বাতৰি কাকতৰ এটা প্ৰবন্ধ শ্বেয়াৰ কৰি এইবুলি লিখে যে: “হয় আপুনি মহাত্মা গান্ধীৰ সমৰ্থক হ’ব পাৰে বা নেতাজীৰ, দুয়োগৰাকীৰ নহয়”। শ্বেয়াৰ কৰা প্ৰবন্ধটোৰ শিৰোনাম আছিল: “গান্ধী আৰু আনসকলে নেতাজীক হস্তান্তৰ কৰিবলৈ সন্মত আছিল।”


ক‌ংগনাই যোৱা সপ্তাহৰ এখন সন্মিলনত কৈছিল যে ভাৰতৰ স্বাধীনতা আচলতে ভিক্ষাহে আছিল। লগতে তেওঁ এইবুলিও দাবী কৰিছে যে ২০১৪ চনৰ পিছত প্ৰধানমন্ত্ৰী মোডী নেতৃত্বাধীন বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছতহে দেশে ইয়াৰ প্ৰকৃত স্বাধীনতা লাভ কৰিছিল।


পৰৱৰ্তী IG ষ্টৰীত তেওঁ কৈছিল যে: “স্বাধীনতা সংগ্ৰামীসকলক ব্ৰিটিছসকলৰ হাতত গতাই দিয়া হৈছিল যিসকলৰ অত্যাচাৰৰ বিৰুদ্ধে যুঁজিবলৈ কোনো সাহস নাছিল কিন্তু তেওঁলোক ক্ষমতাৰ ভোকাতুৰ আৰু ধূৰ্ত আছিল।”


কংগনাই পুনৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখে যে “গান্ধীয়ে কেতিয়াও ভগত সিং বা নেতাজীক সমৰ্থন কৰা নাছিল। গান্ধীজীয়ে ভগত সিঙক ফাঁচি দিয়াটো বিচাৰিছিল আৰু ইয়াৰ প্ৰমাণ আছে,গতিকে আপুনি কাক সমৰ্থন কৰিব সেয়া বাছনি কৰিব লাগিব৷ কাৰণ আপুনি সকলোকে স্মৃতিৰ একেটা বাকচত ৰাখিব নোৱাৰে।’


এনেদৰেই কংগনাৰ এটাৰ পিছত আন এটা বিতৰ্কিত বাক্যবাণ অব্যাহত আছে। ইতিমধ্যে ইয়াকে লৈ কংগনাৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে।

Leave A Reply

Your email address will not be published.