danewsplus.com
danewsplus.com

উগাণ্ডাৰ হোটেলৰ ওচৰত 2 টা বোমা বিস্ফোৰণৰ পিছত ভাৰতৰ পেৰা বেডমিণ্টন খেলুৱৈ সুৰক্ষিত

0 334

ডিজিটেল ডেস্ক: মঙলবাৰে উগাণ্ডাৰ কাম্পালাত  হয় দুটাকৈ বোমা বিস্ফোৰণ। উগাণ্ডাৰ ৰাজধানীত “উগাণ্ডা পেৰা-বেডমিণ্টন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা”ত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হোৱা ভাৰতীয় পেৰা বেডমিণ্টন খেলুৱৈসকল থকা হোটেলৰ ওচৰতেই এই বিস্ফোৰণ সংঘটিত হয়। ভাৰতীয় দলটো থকা হোটেলখনৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগত সংঘটিত হয় বিস্ফোৰণ।

ভাৰতীয় পেৰা-বেডমিণ্টন সংস্থাই নিশ্চিত কৰিছে যে ভাৰতীয় দলটো তেওঁলোকৰ হোটেলত সুৰক্ষিত হৈ আছে। “আমি সুৰক্ষিত। এটা বিস্ফোৰণ হৈছিল। চিন্তা কৰাৰ একো নাই। ই আমাৰ সময়সূচীক প্ৰভাৱিত কৰা নাই। আমি এইটো বেছি অনুভৱ কৰা নাছিলো। তাত সামান্য বিশৃংখলতা আছিল কিন্তু সকলোৱে সুৰক্ষিত আৰু প্ৰতিযোগিতাখন সময়সূচী অনুসৰি চলিব,” বুধবাৰে প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াক এনেদৰে কয় ভাৰতীয় খেলুৱৈ ভগতে।

Leave A Reply

Your email address will not be published.