danewsplus.com
danewsplus.com

আজি ভাৰত-নিউজিলেণ্ডৰ টি-২০ মেচ, যাত্ৰা আৰম্ভ ৰাোহিত আৰু দ্ৰাবিড়ৰ

0 148

ডিজিটেল ডেক্সঃ টি-২০ ৰ যুঁজত আজি অৱতীৰ্ণ হ’ব ভাৰত-নিউজিলেণ্ড। আজিৰ পৰা পূৰ্ণকালীন অধিনায়কৰ দায়িত্ব গ্ৰহণ কৰিব ৰোহিত শৰ্মাই । প্ৰাক্তন অধিনায়ক ৰাহুল দ্ৰাবিড়েও আজিৰ মেচ খনৰ পৰাই ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকৰ যাত্ৰা আৰম্ভ কৰিব। আজি প্ৰথম খন টি-২০ ত নিউজিলেণ্ডৰ নেতৃত্বত থাকিব টিম ছাউডী।

আহিবলগীয়া টেষ্ট শৃংখলাত নিজৰ প্ৰৰ্দশন উন্নত কৰিবৰ বাবে আলহী দলটোৰ অধিনায়ক কেন উইলিয়ামচনে টি-২০ শৃংখলাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে। টি-২০ বিশ্বকাপত হতাশাজনক প্ৰৰ্দশনৰ পাছত ক্ৰিকেট অনুৰাগীৰ মনোবল বৃদ্ধি কৰিবলৈ ভাৰতীয় ক্ৰিকেট দলৰ এই শৃংখলা হ’ব গুৰুত্বপূ্ৰ্ণ। উল্লেখ্য যে আজিৰ টি-২০ মেচ খন জয়পুৰত অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.