danewsplus.com
danewsplus.com

প্ৰিয়ংকা চোপ্ৰাই কিয় নাপালে পদ্ম সন্মান, প্ৰশ্ন জনপ্ৰিয় অভিনেত্ৰী কবিতা কৌশিকৰ

0 166

ডিজিটেল ডেস্কঃ প্ৰিয়ংকা চোপ্ৰাক পদ্মশ্ৰী সন্মান প্ৰদান নকৰাক কেন্দ্ৰ কৰি এইবাৰ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। হিন্দী মেগা চিৰিয়েলৰ মোহময়ী অভিনেত্ৰী কবিতা কৌশিকে প্ৰিয়ংকা চোপ্ৰাক পদ্মশ্ৰী সন্মান প্ৰদান নকৰাৰ বাবে প্ৰশ্ন উত্থাপন কৰিছে। “Bigg boss 14” ৰ এগৰাকী প্ৰতিযোগী তথা অভিনেত্ৰীগৰাকীয়ে দেওবাৰে টুইটাৰৰ জৰিয়তে পদ্ম সন্মানক কেন্দ্ৰ কৰি লিখিছে যে- “বলিউদৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক কিয় পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা নহ’ল…তেওঁ আজিলৈকে কোনো অভিনেতা তথা কোনো ব্যক্তিকে অপমান কৰা নাই!”

প্ৰিয়ংকাৰ সপক্ষে তেওঁ পুনৰ মন্তব্য কৰে যে, “বলিউডকে মুখ্য কৰি সমগ্ৰ বিশ্বতে সফলতা বুটলিবলৈ সক্ষম হোৱা প্ৰিয়ংকা চোপ্ৰাই ভাৰতীয় সংস্কৃতিকো বিশ্ব দৰবাৰত জিলিকাই তুলিছিল। তেওঁ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হোৱাৰ লগতে সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী, লগতে পদ্মশ্ৰী সন্মানৰ বাবে যোগ্য ব্যক্তি।”

Leave A Reply

Your email address will not be published.