danewsplus.com
danewsplus.com

অৱশেষত ঘোষণা হ’ল ৰাজকুমাৰ ৰাও আৰু ভূমি পাডনেকাৰ অভিনীত “Badhaai Do”ৰ মুক্তিৰ তাৰিখ

0 544

ডিজিটেল ডেস্কঃ “Badhaai Ho” শীৰ্ষক চলচ্চিত্ৰৰ বৃহৎ সফলতাৰ পিছতেই এতিয়া দৰ্শক সকলে আগ্ৰহেৰে বাট চাইছে হৰ্ষবৰ্ধন কুলকাৰ্ণীৰ পৰিচালনাৰে ছবিগৃহলৈ আহিব লগীয়া নতুন ছবি “Badhaai Do”ৰ বাবে। ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰাজকুমাৰ ৰাও আৰু ভূমি পাডনেকাৰে।

২০২২ চনৰ গণতন্ত্ৰ দিৱসৰ দিনা মুক্তি পোৱাৰ কথা আছিল এই ফেমিলি ড্ৰামাখন। কিন্তু কিছু সালসলনিৰ অন্তত এতিয়া ৪ ফেব্ৰুৱাৰীতহে মুক্তি পাব “Badhaai Do”শীৰ্ষক ছবিখন। ছবিখনৰ মুখ্য অভিনেত্ৰী ভূমি পাডনেকাৰে ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰিছে “Badhaai Do” ৰ মুক্তিৰ তাৰিখ।

২০২২চনৰ ২১ জানুৱাৰীত অক্ষয় কুমাৰৰ “Prithviraj” আৰু ২৬ জানুৱাৰীত জন আব্ৰাহামৰ “Attack” শীৰ্ষক ছবি দুখনো ছবিগৃহলৈ আহিব। তিনিওখন ছবি একেলগে মুক্তি পালে বক্স অফিচ সংগ্ৰহত কিছু সমস্যাই দেখা দিব বাবেই “Badhaai Do” শীৰ্ষক ছবিখনৰ মুক্তিৰ তাৰিখ ৪ ফেব্ৰুৱাৰীলৈ পিছুৱাই দিয়া হৈছে।

Leave A Reply

Your email address will not be published.