danewsplus.com
danewsplus.com

বলিউডত বিশ্ব সুন্দৰী মানুসী চিল্লাৰ অভিষেক

0 169

ডিজিটেল ডেস্কঃ ২০১৭ চনৰ বিশ্ব সুন্দৰী খিতাপ অৰ্জন কৰা মানুসী চিল্লাৰ প্ৰস্তুত হৈছে প্ৰথমখন বলিউড ছবিৰ বাবে। অক্ষয় কুমাৰৰ বিপৰীতে ইতিহাস বিষয়ক ছবি “পৃথ্বীৰাজ”ত অভিষেক হ’ব চিল্লাৰৰ। অক্ষয় কুমাৰৰ লগত প্ৰথমখন ছবিত অভিনয় কৰিবলৈ পাই যথেষ্ট অনুপ্ৰাণিত হৈছে বুলি চিল্লাৰে সংবাদ মাধ্যমত প্ৰকাশ কৰে।

চন্দ্ৰ প্ৰকাশ দ্বিবেদীৰ পৰিচালনাত Yash Raj Flimsৰ বেনাৰত তৈয়াৰ  হৈছে “পৃথ্বীৰাজ”। ৰাজপুত সম্ৰাট পৃথ্বীৰাজ চৌহানৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই ছবিখন। ২০২২ চনৰ ২১ জানুৱাৰীত মুক্তি পাব “পৃথ্বীৰাজ”। সঞ্জয় দত্ত, চনু চুদ,আশুতোচ ৰাণা, মানৱ ভিজ্, ললিত তিৱাৰীকে ধৰি কেইবাজনো তাৰকাক দেখা পোৱা যাব এই ছবিখনত।

Leave A Reply

Your email address will not be published.