danewsplus.com
danewsplus.com

T20 বিশ্বকাপৰ খিতাপ দখল কৰিলে অষ্ট্ৰেলিয়াই

0 151

ডিজিটেল ডেক্সঃ T20 বিশ্বকাপৰ খিতাপ দখল কৰিলে অষ্ট্ৰেলিয়াই৷ নিউজীলেণ্ডক ৮ উইকেটত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে T20 বিশ্বকাপৰ খিতাপ দখল কৰিলে অষ্ট্ৰেলিয়াই৷

ডুবাইত অনুষ্ঠিত চূড়ান্ত খেলত প্ৰথমে বেটিং কৰি নিউজীলেণ্ডে অধিনায়ক কেইন উইলিয়ামছৰ ৮৫ আৰু মাৰ্কিন গুপ্টিলৰ ২৮ ৰানৰ সহায়ত ৪ উইকেটত সংগ্ৰহ কৰে ১৭২ ৰান৷

প্ৰত্যুত্তৰ অষ্ট্ৰেলিয়াই ডেভিড ৱাৰ্ণাৰৰ ৫৩, মিছেল মাৰ্শ্বৰ ৭৭ আৰু গ্লেন মেক্সৱেলৰ ২৮ ৰানৰ সহায়ত মাত্ৰ দুটা উইকেট হেৰুৱাই ১৮ অভাৰ ৫টা বলত জয়ৰ লক্ষত উপনীত হয়৷

অষ্ট্ৰেলিয়াৰ ডেভিড ৱাৰ্ণাৰে লাভ কৰে ‘প্লেয়াৰ অব দ্য ছিৰিজ’, অষ্ট্ৰেলিয়াৰ মিছেল মাৰ্শ্বে লাভ কৰে ‘প্লেয়াৰ অব দ্য মেচ’৷

Leave A Reply

Your email address will not be published.