danewsplus.com
danewsplus.com

খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি আয়োজন ৰাস মহোৎসৱ

0 304

ডিজিটেল সংবাদ, বিহপুৰীয়াঃ ৰাসলৈ মাত্ৰ মাজত দুটা দিন। অসমৰ বিভিন্ন প্ৰান্তত পূৰ্ণদ্যমে চলিছে ৰাসৰ প্ৰস্তুতি। লখিমপুৰ জিলাৰ পশ্চিম প্ৰান্তৰ ধলপুৰৰ জামুগুৰিৰ বিগত ৮৬ বছৰ ধৰি পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ আহিছে ৰাস মহোৎসৱ।

বিশাল ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি এইবাৰো তিনিদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰিছে ৰাস মহোৎসৱ। অহা ১,২,৩ আঘোণত জামুগুৰি আঞ্চলিক ৰাসোৎসৱ বৰনামঘৰত প্ৰথম দিনা মহাৰাস, দ্বিতীয় দিনা কুৰুক্ষেত্ৰ যুদ্ধ আৰু তৃতীয় দিনা বামন অৱতাৰ ভাওনা প্ৰদৰ্শনেৰে অনুষ্ঠিত হ’ব এই ৰাস মহোৎসৱ।

১৪ খন গাঁও একত্ৰিত হৈ আয়োজন কৰা এই ৰাস মহোৎসৱে গৰা খহনীয়াৰ পৰা সকাহ দিব বুলি আশাবাদী অঞ্চলবাসী।

Leave A Reply

Your email address will not be published.