danewsplus.com
danewsplus.com

চীনত পুনৰ ডেল্টা ভেৰিয়েন্টৰ সংক্ৰমণ

0 161

ডিজিটেল ডেস্ক: চীনত পুনৰ বৃদ্ধি পাইছে ক’ভিড ১৯ৰ ভয়াৱহতা।প্ৰত্যেকদিনাই বৃদ্ধি পাইছে ডেল্টা ভেৰিয়েন্টৰ সংক্ৰমণ। দেশখনৰ অন্য ঠাইতকৈ বেইজিঙত ইয়াৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পাইছে। দাঁতিকাষৰীয়া অঞ্চলসমূহত কঠোৰ কোৱাৰেণ্টাইন বাহাল আছে যদিও কমা নাই ডেল্টা ভাইৰাছৰ সংক্ৰমণ।

চীনা কৰ্তৃপক্ষই জনোৱা মতে, ১৪ নৱেম্বৰৰ ভিতৰত নতুনকৈ ৩২ জন লোকৰ  গাত ধৰা পৰিছে ডেল্টা ভাইৰাছ। ইয়াৰে বেছি সংখ্যক লোক উত্তৰ-পূৱ প্ৰান্তৰ ডেলিয়ান চহৰৰ।

১৭ অক্টোবৰৰ পৰা বৰ্তমানলৈকে ১৩০৮ জনলৈ বৃদ্ধি পাইছে এই সংখ্যা। বৰ্তমানলৈকে চীনতেই ডেল্টা ভাইৰাছৰ সংক্ৰমণ সৰ্বাধিক হাৰত হৈছে।

Leave A Reply

Your email address will not be published.