danewsplus.com
danewsplus.com

ভূপালত প্ৰদৰ্শিত হ’ল অসম গৌৰৱ বিহুনৃত্য

0 399

ডিজিটেল সংবাদ, নগাঁওঃ অসমীয়াৰ বাপতিসাহোন বিহু পুনৰ জিলিকিছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত৷ ভূপালত অসমীয়াৰ স্বাভিমান বিহুনৃত্য প্ৰদৰ্শন কৰি বৰ্তমান জিলিকি উঠিছে নগাঁৱৰ সূত্ৰধাৰ৷ ১১নৱেম্বৰৰ পৰা ১৮ নৱেম্বৰলৈ ৮ দিনীয়া কাৰ্যসূচীৰে ভূপালত অনুষ্ঠিত কৰা হৈছে সংস্কৃতি আৰু প্ৰকৃতি শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান৷

উক্ত অনুষ্ঠানত অসমৰ হৈ অংশগ্ৰহণ কৰে নগাঁৱৰ সূত্ৰধাৰে৷ অসমক প্ৰতিনিধিত্ব কৰা একমাত্ৰ দলটিয়ে উক্ত অনুষ্ঠানত বিহুনৃত্য পৰিৱেশন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে৷ পূৰ্বতেও এই দলটিয়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷ তেওঁলোকৰ এই সফলতাত বৰ্তমান সমগ্ৰ অসমৰ লগতে নগাঁওবাসী গৌৰৱান্বিত হৈ পৰিছে৷

Leave A Reply

Your email address will not be published.