danewsplus.com
danewsplus.com

জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাওৰ বিয়া, কিন্ত কাৰ সৈতে বিয়াত বহিব অভিনেতা জন

0 448

ডিজিটেল ডেস্কঃ দেওবাৰে জীৱনৰ দ্বিতীয় ইনিংছ মুকলি কৰিব জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ ৰাৱে। দীৰ্ঘদিনৰ প্ৰেয়সী পত্ৰলেখাৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ব অভিনেতা গৰাকী। ছণ্ডিগড়ত সীমিত সংখ্যক লোকৰ উপস্থিতিত যুগ্ম জীৱনৰ পাতনি মেলিব দুয়ো।

১৩ তাৰিখৰ পৰা তিনি দিনিয়াকৈ অনুষ্ঠিত হৈছে বিবাহ অনুষ্ঠান। পত্ৰলেখাই Citylights ছবিত ৰাজকুমাৰ ৰাওৰ বিপৰীতে অভিনয় কৰি বলিউডত খোজ পেলাইছিল। পৰৱৰ্তী সময়ত Love games, Badnam gali, Nanu ki janu আদি ছবিতো অভিনয় কৰে অভিনেত্ৰী গৰাকীয়ে। সব্যসাচী শাৰী পৰিধান কৰি কন্যা ৰূপত দেখা যাব অভিনেত্ৰী গৰাকীক । উল্লেখ্য যে ৰাজকুমাৰ ৰাওৰ কন্যা পত্ৰলেখাৰ ঘৰ ছিলংত।

Leave A Reply

Your email address will not be published.