danewsplus.com
danewsplus.com

জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথিতযশা সাহিত্যিক মামনি ৰয়চম গোস্বামীৰ আজি জন্মদিন

0 129

ডিজিটেল ডেক্সঃ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথিতযশা সাহিত্যিক মামনি ৰয়চম গোস্বামীৰ আজি জন্মদিন৷ ১৯৪২ চনৰ আজিৰ দিনটোতে জন্মলাভ কৰিছিল মামনি ৰয়চম গোস্বামীয়ে৷ বহু কালজয়ী সৃষ্টিৰে অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰি থৈ গৈছে এইগৰাকী সাহিত্যিকে৷

দঁতাল হাতীৰ উঁইয়ে খোৱা হাওদা, মামৰে ধৰা তৰোৱাল, নীলকণ্ঠী ব্ৰজ, তেজ আৰু ধুলিৰে ধুসৰিত পৃষ্ঠা, চিন্নমস্তাৰ মানুহটো আদি বহু বিখ্যাত উপন্যাসৰ লগতে আধালিখা দস্তাবেজ, দস্তাবেজৰ নতুন পৃষ্ঠা আদি আত্মজীৱনীৰ স্ৰষ্টা মামনি ৰয়চম গোস্বামী৷ বহু চুটি গল্প আৰু কবিতাৰ লগতে ৰামায়নি সাহিত্যৰ গৱেষণামূলক গ্ৰন্থও তেওঁ প্ৰণয়ন কৰি থৈ গৈছে৷

Leave A Reply

Your email address will not be published.