danewsplus.com
danewsplus.com

গুৱাহাটীৰ প্ৰেছ ক্লাবত ‘এছেনডেন্স টু ট্ৰানছেনডেন্স’ নামৰ গ্ৰন্থ উন্মোচন

0 114

ডিজিটেল ডেস্কঃ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত ‘এছেনডেন্স টু ট্ৰানছেনডেন্স’ শীৰ্ষক এখন গ্ৰন্থ উন্মোচন কৰা হয়৷ বৰদৈচিলা খ্যাত শিৱপ্ৰসাদ বৰুৱা নাতি তথা অভিযন্তা, বেংকাৰ চিৰঞ্জীৱ বৰুৱাই ইংৰাজী ভাষাত ছবি আৰু কবিতাৰ সংমিশ্ৰণেৰে ৰচনা কৰিছে এই গ্ৰন্থখন৷

গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে Da NEWS PLUSৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈ, বিশিষ্ট কাৰ্টুনিষ্ট চম্পক বৰবৰা, বিশিষ্ট চিত্ৰশিল্পী কিশোৰ কুমাৰ দাস, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া সঞ্জীৱ গোহাঁইবৰুৱা৷

গ্ৰন্থখন উন্মোচন কৰি Da NEWS PLUSৰ মুখ্য সম্পাদক প্ৰণয় বৰদলৈয়ে লেখক চিৰঞ্জীৱ বৰুৱাৰ প্ৰয়াসৰ শলাগ লয়৷ একেধাৰে কবি, সংগীতশিল্পী, লেখক বৰুৱাৰ প্ৰতিভাৰ ভূয়সী প্ৰশংসা কৰি উত্তৰোত্তৰ কামনা কৰে প্ৰতিগৰাকী বক্তাই৷

Leave A Reply

Your email address will not be published.