danewsplus.com
danewsplus.com

কৰিমগঞ্জত আটক দিল্লীৰ ২ মহিলা সাংবাদিক

0 232

ডিজিটেল সংবাদ, কৰিমগঞ্জঃ কৰিমগঞ্জত আটক দিল্লীৰ ২ মহিলা সাংবাদিক৷ ধৰ্মনগৰৰ পৰা শিলচল বিমানবন্দৰলৈ যোৱাৰ পথত নিলামবজাৰত আৰক্ষীয়ে আটক কৰে ২ মহিলা সাংবাদিক সমৃদ্ধি কে সুকন্যা আৰু স্বৰ্ণা ঝাক৷ উল্লেখ্য যে, ত্ৰিপুৰাত বিশ্ব হিন্দু পৰিষদে দুয়োগৰাকী সাংবাদিকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে৷

ইয়াৰ পিছতে ত্ৰিপুৰা আৰক্ষীয়ে কৰিমগঞ্জ আৰক্ষীক বিষয়টো অৱগত কৰে৷ ইফালে ত্ৰিপুৰাৰ ফটিকৰায় আৰক্ষীয়ে অভিযুক্ত দুয়োগৰাকী মহিলা সাংবাদিকক নিজৰ জিম্মাত লয়৷ উল্লেখ্য যে, বাংলাদেশৰ সাম্প্ৰদায়িক হিংসাৰ পিছত ত্ৰিপুৰাত সংঘটিত বিক্ষিপ্ত ঘটনা সম্পৰ্কে বাতৰি যুগুত কৰিবলৈ ত্ৰিপুৰালৈ আহিছিল দিল্লীৰ সাংবাদিক সুকন্যা আৰু স্বৰ্ণা৷

বিগত কেইদিনমান ধৰি এই দুয়োগৰাকী সাংবাদিকে বিশ্ব হিন্দু পৰিষদৰ বিৰুদ্ধে একপক্ষীয়ভাৱে সংবাদ পৰিৱেশন কৰাৰ অভিযোগ উত্থাপন হৈছে৷

Leave A Reply

Your email address will not be published.