danewsplus.com
danewsplus.com

জীৱন যুজঁত হাৰ নমনা ৰঙিয়াৰ এজন যুৱক,অসুস্থ শৰীৰৰে দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন

0 187

ডিজিটেল ডেক্সঃ প্ৰবল ইচ্ছাশক্তিৰ অধিকাৰী ৰঙিয়াৰ গোঁসাই শ’লমাৰীৰ আব্দুল খালেকে শৰীৰৰ নিম্নাংশ অচল হোৱাৰ পিছতো শুই আৰু বহিয়ে প্লাষ্টিকৰ ৰছী আৰু বাঁহেৰে নিৰ্মাণ কৰিছে বিভিন্ন সাজ-সজ্জাৰ সামগ্ৰী । আকৰ্ষণীয় এই সামগ্ৰী বিক্ৰী কৰি কিছু উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ব্যক্তিগৰাকীয়ে।

উল্লেখ্য যে পাঁচ বছৰ পূৰ্বে এক দুৰ্ঘটনাত পতিত হৈ খালেকৰ ভৰি দুখন অচল হৈ পৰে। ধনৰ অভাৱত পুত্ৰৰ উপযুক্ত চিকিৎসা কৰিব পৰা নাই পিতৃ-মাতৃয়ে । তথাপিও খালেকে হেৰুওৱা নাই মনোবল ।

অসুস্থ শৰীৰৰেই উৎপাদনমুখী কামত নিজকে ব্যস্ত ৰাখিছে খালেকে। কিন্তু উন্নত চিকিৎসাৰ বাবে এতিয়া খালেকক প্ৰয়োজন হৈছে কিছু উপযুক্ত ধনৰ । সেয়ে চৰকাৰৰ লগতে সহৃদয়বান লোকৰ সহায় বিচাৰিছে খালেকে।

সহায় কৰিব বিচৰা সকলে ইউনিয়ন বেংকৰ ৰঙিয়া শাখাৰ 389802010086210 (Ifsc code:-UBTNO538981) নম্বৰ একাউণ্টত সাহাৰ্য্য প্ৰদান কৰিব পাৰে ।

Leave A Reply

Your email address will not be published.