danewsplus.com
danewsplus.com

ক’ভিড পৰীক্ষা শিথিল কৰিবলৈ UAE-ক আহ্বান ভাৰতৰ

0 278

ডিজিটেল ডেস্ক : সংযুক্ত আৰৱ এমাইৰেটছক বিমানবন্দৰত ক’ভিড পৰীক্ষা শিথিল কৰিবলৈ আহ্বান জনাইছে ভাৰতে ৷ উল্লেখ্য যে দেশখনৰ শেহতীয়া নিয়ম অনুসৰি RTPCR পৰীক্ষাৰ বাবে ৬ ঘণ্টা পূৰ্বেই বিমানবন্দৰত উপস্থিত হ’ব লাগে বিমান যাত্ৰীসকল ৷

আনহাতে RTPCR পৰীক্ষাৰ বাবে অত্যাধিক ধন পৰিশোধ কৰিবলগীয়া হয় বিমান যাত্ৰীসকলে ৷ এনে পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন ধৰি দেশখনত ভ্ৰমণ কৰা যাত্ৰীসকলে ভাৰতীয় দূতাবাসত অভিযোগ উত্থাপন কৰি আহিছিল ৷

সংযুক্ত আৰৱত থকা ভাৰতীয় ৰাষ্ট্ৰদূত প্ৰৱন কুমাৰে সাংবাদিকৰ আগত প্ৰকাশ কৰা অনুসৰি এই বিষয়ে ইতিমধ্যে UAE চৰকাৰৰ সৈতে আলোচনা কৰা হৈছে ৷ বিমানবন্দৰত RTPCR পৰীক্ষা বন্ধ কৰিবলৈও আহ্বান জনাইছে ভাৰতে ৷

Leave A Reply

Your email address will not be published.