danewsplus.com
danewsplus.com

সংবাদ শীৰ্ষত এগৰাকী সাহসী মহিলা

0 155

ডিজিটেল ডেস্কঃ এগৰাকী সাহসী মহিলা ৷ বয়স বাঢ়িলেও নিজৰ কৰ্ম ক্ষেত্ৰত হাৰ মনা নাই মহিলাগৰাকীয়ে ৷ পদপথত অচেতন অৱস্থাত পৰি থকা এজন ব্যক্তিক উদ্ধাৰ কৰি দেশজুৰি চৰ্চিত হৈছে ৫০ উৰ্ধ্বৰ মহিলাগৰাকী ৷ ঘটনাৰ স্থান তামিলনাডু। তামিলনাডুৰ কেইবাটাও অঞ্চলত নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হৈছে বানপানী ৷

এই মুষলধাৰ বৰষুণৰ মাজতে পদপথৰ ওপৰত অচেতন অৱস্থাত পৰি থকা এজন ব্যক্তিক আৰক্ষীয়ে উদ্ধাৰ কৰা এটা ভিডিঅ’ ভাইৰেল হৈছিল সামাজিক মাধ্যমত। কিছুদিন ধৰি চলি থকা মূষলধাৰ বৰষুণত প্ৰায়বোৰ অঞ্চলত পানীৰে ভৰি পৰাৰ উপৰিও পথৰ ওপৰত বাগৰি পৰিছে প্ৰকাণ্ড গছ ৷ উভালি পৰা গছে ৰাজপথ আবদ্ধ কৰিছে ৷

এই যানজঁটসমূহ দূৰ কৰাৰ উদ্দেশ্যৰে উভালি পৰা গছসমূহৰ ডালসমূহ আঁতৰাই থকাৰ সময়তে অচেতন হৈ পৰি থকা এগৰাকী লোকক উদ্ধাৰ কৰে আৰক্ষী বিষয়া ৰাজেশ্বৰীয়ে ৷ মহিলাগৰাকীৰ এনে কাৰ্যক তামিলনাডুৰ আৰক্ষী আয়ুক্ত শংকৰ জিঅ’লে ধন্যবাদ জনোৱাৰ উপৰিও তেওঁৰ বুদ্ধিমত্তাক প্ৰশংসা কৰে ৷ তামিলনাডুৰ মুখ্যমন্ত্ৰীয়েও মহিলাগৰাকীৰ এনে কাৰ্যক শলাগ লোৱাৰ উপৰি সাহসী মহিলা আৰক্ষীক সম্বৰ্ধনা জনায় ৷ মহিলাগৰাকীৰ এনে কাৰ্যৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই সহস্ৰজনে শলাগ লয় মহিলাগৰাকীক ৷

Leave A Reply

Your email address will not be published.