danewsplus.com
danewsplus.com

এজনী ১০ বছৰীয়া কনমাণিৰ বিশেষ পদক্ষেপ

0 115

ডিজিটেল ডেস্কঃ নাজিৰাৰ এজনী কনমাণিৰ ব্যতিক্ৰমী চিন্তাই দৃষ্টি কাঢ়িছে সকলোৰে। এজনী ১০ বছৰীয়া কনমাণিৰ বিশেষ পদক্ষেপ। নাজিৰাৰ এই কনমাণিজনীৰ নাম সুগন্ধি উৰুলি। পখিলা খেদাৰ বয়সতেই ব্যতিক্ৰমী চিন্তা তাইৰ ।

জন্ম দিনটো ব্যতিক্ৰমভাৱে উদযাপন কৰিলে কনমাণি উৰুলিয়ে। উৰুলিয়ে জন্মদিনত উন্মোচন কৰিলে নিজে লিখা গ্ৰন্থ। প্ৰিয় কুকুৰ দুটাক লৈ লিখা গ্ৰন্থ উন্মোচন কৰি এক ব্যতিক্ৰমী চিন্তাৰে নিজৰ ১০ বছৰীয়া জন্মদিনটো বিশেষ কৰি তুলিলে কণমানি জনীয়ে।

নিজ বাসগৃহতে আয়োজন কৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি গ্ৰন্থ খন উন্মোচন কৰে নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে। কনমাণি জনীৰ যোগ প্ৰদৰ্শনো আছিল অনুষ্ঠান টিৰ অন্যতম আকৰ্ষণ। জন্মদিন উপলক্ষে শুভাকাংক্ষী সকলক একোটাকৈ গছপুলিও উপহাৰ দিয়ে কনমাণিজনীয়ে।

Leave A Reply

Your email address will not be published.