danewsplus.com
danewsplus.com

পুনৰবাৰ CAA- লৈ মুকলি সমৰ্থন হিমন্ত বিশ্ব শৰ্মাৰ

0 130

ডিজিটেল ডেস্কঃ দেশৰ আগশাৰীৰ সংবাদ মাধ্যম টাইমছ্ নাওৰ ২০২১ বৰ্ষৰ সন্মিলনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সাংবাদিক পদ্মাজা যোশীৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই খুব চতুৰালিৰে আৰু যুক্তি সহকাৰে উপস্থাপন কৰা দেখা যায়।

অনুষ্ঠানৰ শেষৰ ফালে পদ্মাজা যোশীয়ে CAAৰ প্ৰসংগটো উপস্থাপন কৰি প্ৰশ্ন কৰিছিল যে মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই হিন্দু বাংলাদেশীসকলক দেশত বা অসমত সংস্থাপন দিয়াটো সমৰ্থন কৰে নেকি? প্ৰত্যুত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে – তেওঁ সভ্যতাত বিশ্বাস কৰে। ভাৰতবৰ্ষ সনাতন সভ্যতা, হিন্দু সভ্যতাৰ দেশ। ভাৰত হিন্দুসকলৰ অন্তৰ্গত বুলি তেওঁ স্পষ্টকৈ মত প্ৰকাশ কৰে।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে- সংবিধান অহাৰ পাছৰ পৰাহে আমাক ভাৰতীয় হিচাপে জনা যায়, আৰু মূলসুঁতিৰ পৰা আমাক কোনেও বিছিন্ন কৰিব নোৱাৰে । ১৯৪৭ চনৰ পৰাহে ভাৰতীয় শব্দটো আহিছে কিন্তু ৭০০০ বছৰ পূৰ্বে আমাক হিন্দু হিচাপেহে জনা গৈছিল বুলিও তেওঁ মন্তব্য কৰে।

শৰ্মাই লগতে কয় যে – ‘পৃথিৱীৰ যিকোনো প্ৰান্তত থকা প্ৰত্যেক হিন্দুৱেই ভাৰতলৈ অহাৰ অধিকাৰ আছে যদিহে তেওঁলোকে বসবাস কৰা ঠাইত সমস্যাৰ সন্মুখীন হয়। ভাৰতবৰ্ষ হিন্দুৰ মাতৃভূমি, প্ৰাকৃতিক ঘৰ স্বৰূপ।’

Leave A Reply

Your email address will not be published.