danewsplus.com
danewsplus.com

বিদেশী চিগাৰেটসহ শ্ৰীৰামপুৰত আটক দুই সৰবৰাহকাৰী

0 393

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে বিদেশী চিগাৰেটৰ গোপন সৰবৰাহ ৷ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেটসহ আৰক্ষীয়ে আটক কৰে দুই সৰবৰাহকাৰী ৷ গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত নিশা আৰক্ষী আৰু চি আৰ পি এফে ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই বিদেশী চিগাৰেটসহ এখন উত্তৰ প্ৰদেশৰ ট্ৰাক জব্দ কৰে ৷

ধৃত চালকদ্বয় উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলাৰ জুলফিকৰ আলম আৰু আছিফ আলী বুলি জানিব পৰা গৈছে৷ শিমুলটাপু আৰক্ষী চকীৰ এটা দল আৰু চি আৰ পি এফৰ দলে যৌথভাৱে শ্ৰীৰামপুৰত ট্ৰাকখনক আটক কৰে ৷ তালাচীত ট্ৰাকখনৰ পৰা জব্দ কৰা হয় দক্ষিন কোৰিয়াৰ ৭৫ কাৰ্টন চিগাৰেট ৷ জব্দকৃত চিগাৰেটৰ বজাৰ মূল্য প্ৰায় ডেৰ কোটি টকা হ’ব বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷

Leave A Reply

Your email address will not be published.