danewsplus.com
danewsplus.com

হিটমেন ৰোহিত শৰ্মাৰ এক নতুন অভিলেখ

0 228

ডিজিটেল ডেস্ক: সম্প্ৰতি ২০২১ বৰ্ষৰ টি২০ বিশ্বকাপৰ পৰা দুৰ্বল প্ৰদৰ্শনৰ বাবে ভাৰতীয় ক্ৰিকেট দল ইতিমধ্যে বাহিৰ হব লগা হ’ল। ভাৰতীয় দলে দেশৰ লাখ লাখ ক্ৰিকেট অনুৰাগীক হতাশ কৰিলে যদিও শেহতীয়াকৈ ৰোহিত শৰ্মাই ক্ৰিকেট জগতত নতুন অভিলেখ গঢ়ি অনুৰাগীসকলক গৌৰৱৰ অন্য এক সোৱাদ দিবলৈ সক্ষম হ’ল ।

ভাৰতীয় ক্ৰিকেট দলে আনুষ্ঠানিকতা ৰক্ষা কৰি ৮ নৱেম্বৰ তাৰিখে নামিবিয়াৰ বিপক্ষে খেলা অন্তিমখন খেলত ৰোহিত শৰ্মাই ৫৬ ৰান কৰি এইপৰ্যন্ত পুৰুষৰ আইচিচি টি২০ খেলত মুঠ ৩০০১ ৰান সম্পূৰ্ণ কৰিলে। বিপৰীতে ৰোহিত শৰ্মাই আন্ত:ৰাষ্ট্ৰীয় টি২০ খেলত ৩০০০ ৰান অতিক্ৰম কৰা ক্ৰিকেটাৰৰ তালিকাত তৃতীয় স্থান অধিকাৰ কৰি এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হ’ল।

অন্যহাতে আন্ত:ৰাষ্ট্ৰীয় টি২০ খেলত ৩০০০ ৰান সম্পূৰ্ণ কৰা তালিকাত ৩,২২৭ ৰানেৰে বিৰাট কোহলি আছে প্ৰথম স্থানত আৰু নিউজিলেণ্ডৰ অপেনাৰ বেটছমেন মাৰ্টিন গুপ্তিল ৩,১১৫ ৰানেৰে তালিকাৰ দ্বিতীয় স্থানত আছে।

Leave A Reply

Your email address will not be published.