danewsplus.com
danewsplus.com

৬ বছৰ পূৰ্বৰ যুঁজাৰু বিমান দুৰ্ঘটনাৰ কুফল আজিও ভুগি আছে ৰাইজে

0 302

ডিজিটেল ডেস্কঃ ছবছৰ পূৰ্বে নগাঁৱৰ ধিঙত সংঘটিত যূঁজাৰু বিমান দুৰ্ঘটনাৰ কুফল এতিয়াও ভুগি থাকিবলগা হৈছে ৰাইজে ৷ ২০১৫ চনৰ ১৯ মে’ত ধিঙৰ পূব কলাডুবাত ভূপতিত হৈছিল ভাৰতীয় বায়ুসেনাৰ এখন ছুখই-৩০ যুঁজাৰু বিমান। প্ৰচণ্ড শব্দত কঁপি উঠিছিল অঞ্চলটো ৷

পথাৰত এই দুৰ্ঘটনাৰ ফলত সৃষ্টি হৈছিল ১৫ ফুট দ’ গাঁত ৷ ছিটিকি পৰিছিল বিমানখনৰ টুকুৰা ৷ বায়ুসেনাই পিছত উদ্ধাৰ কৰিছিল বিমানখনৰ অংশ ৷ বিমানখন দুৰ্ঘটনাতত পৰা এলেকাত এতিয়া খেতি-বাতি নহয় ৷ দমকলৰ পানীত পোৱা যায় ইন্ধনৰ গোন্ধ ৷ পুখুৰীত মাছ ডাঙৰ নহয় ৷ দুৰ্ঘটনাটোত আহতসকলক চিকিৎসাৰ আশ্বাস দিয়া হৈছিল যদিও আজিপৰ্যন্ত একোকে নাপালে তেওঁলোকে ৷

Leave A Reply

Your email address will not be published.