danewsplus.com
danewsplus.com

অসমৰ মাটিত মিজোৰামৰ আগ্ৰাসন

0 365

ডিজিটেল ডেস্কঃ কাছাৰত অসম-মিজোৰাম সীমান্তত এতিয়াও অব্যাহত আছে মিজোৰামৰ আগ্ৰাসন ৷ সীমান্তৰ ৪ কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰি মিজোৰামে নিৰ্মাণ কৰি আছে পথ ৷ কাছাৰ-মিজোৰাম সীমান্তৰ ফ্ৰেন্সনগৰ আৰু পাগলাছড়া এলেকাত এক্সকাভেটৰ লগাই নিৰ্মাণ কৰি থকা হৈছে পথ ৷ সমস্ত এলেকাত মিজোৰামে মোতায়ান কৰি ৰাখিছে বেটেলিয়ন ৷

এই পথ নিৰ্মাণ কাৰ্য দেখি স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷ অসম আৰক্ষী উপস্থিত হোৱাত এক্সকাভেটৰ লৈ মিজো লোকসকল আঁতৰি যায় এই ঠাইৰ পৰা ৷ এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলটোত বিৰাজ কৰিছে আতংকই ৷

পৰিস্থিতিৰ বুজ ল’বলৈ অঞ্চলটোত উপস্থিত হৈছে ডিআইজি দেৱজ্যোতি মুখাৰ্জী, অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনসহ আৰক্ষী বাহিনী ৷ অৱশ্যে ঘটনা সম্পৰ্কত তেওঁলোকে এতিয়াও কোনো কথা প্ৰকাশ কৰা নাই ৷

Leave A Reply

Your email address will not be published.