danewsplus.com
danewsplus.com

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মৰণোত্তৰভাৱে প্ৰদান কৰা হ’ব পদ্ম ভূষণ সন্মান

0 454

ডিজিটেল ডেস্কঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক মৰণোত্তৰভাৱে মঙলবাৰে ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰা হ’ব পদ্ম ভূষণ সন্মান ৷ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী ডলী গগৈয়ে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা ৰাষ্ট্ৰপতি ভৱনত এই সন্মান গ্ৰহণ কৰিব ৷

ৰাজ্যৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী প্ৰয়াত গগৈৰ লগতে কেন্দ্ৰীয় চৰকাৰে দেশৰ আন ৯জন বিশিষ্ট লোকক পদ্ম ভূষণ সন্মানেৰে সন্মানিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ চলিত বৰ্ষৰ ২৬ জানুৱাৰীত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিল এই সিদ্ধান্ত ৷ ৰাজহুৱা জীৱনলৈ আগবঢ়োৱা ব্যতিক্ৰমী আৰু বিশিষ্ট সেৱাৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়ায় কেন্দ্ৰীয় চৰকাৰে ৷

ৰাষ্ট্ৰপতি ভৱনৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ইতিমধ্যে মাতৃৰ সৈতে দিল্লীলৈ ৰাওনা হৈছে সাংসদ গৌৰৱ গগৈ ৷ আনহাতে, সোমবাৰে ৰাষ্ট্ৰপতিৰ হাতৰ পৰা পদ্ম ভূষণ সন্মান গ্ৰহণ কৰিব নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা গোৱা আৰু গুজৰাটৰ প্ৰাক্তন ৰাজ্যপাল ড০ এছ চি জমিৰে ৷ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট, প্ৰযোজক কৰণ জোহৰ আৰু একতা কাপুৰে সোমবাৰে গ্ৰহণ কৰিব পদ্মশ্ৰী সন্মান ৷

Leave A Reply

Your email address will not be published.