danewsplus.com
danewsplus.com

ছৈয়দ মুস্তাক আলী ট্ৰফী ক্ৰিকেটত দ্বিতীয়টো জয় অসমৰ

0 435

ডিজিটেল ডেস্কঃ ছৈয়দ মুস্তাক আলী ট্ৰফী ক্ৰিকেটত দ্বিতীয়টো জয় অসমৰ ৷ শনিবাৰে অসমে ৩ উইকেটত পৰাস্ত কৰিলে বিহাৰক ৷ অসমৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা ৰিয়ান পৰাগ আৰু ৰাজ্জাক উদ্দিন আহমেদৰ।

প্ৰথমে বেট ধৰি বিহাৰে ২০ অভাৰত ৮ উইকেটত সংগ্ৰহ কৰে ১৩৫ ৰান ৷ অসমৰ হৈ ৰাজাকউদ্দিন আহমেদে ৩টা, মুখটাৰ হুছেইনে ২টা উইকেট দখল কৰে ৷ প্ৰত্যুত্তৰত অধিনায়ক ৰিয়ান পৰাগৰ ৫৮, অম্লানজ্যোতি দাসৰ অপঃ ২২ ৰান সহায়ত অসমে ১৮.৫ অভাৰত ৭ উইকেটৰ বিনিময়ত জয়ৰ লক্ষ্যত উপনীত হয় ৷

উল্লেখ্য যে শুকুৰবাৰে অসমে গুজৰাটক ৭ উইকেটত পৰাস্ত কৰিছিল ৷ গ্ৰুপ ‘ডি’ৰ পইণ্ট তালিকাত অসম ৬টা দলৰ ভিতৰত দ্বিতীয় স্থানত আছে ৷

Leave A Reply

Your email address will not be published.