danewsplus.com
danewsplus.com

৫২ সংখ্যক “ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া”ৰ “ইণ্ডিয়ান পেন’ৰমা”ৰ বাবে নিৰ্বাচিত অসমৰ তিনিখনকৈ ছবি

0 153

ডিজিটেল ডেক্সঃ গোৱাত নৱেম্বৰ মাহৰ ২০ ৰ পৰা ২৮ তাৰিখলৈকে চলিব লগীয়া ৫২ সংখ্যক ‘ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া’ৰ ‘ইণ্ডিয়ান পেন’ৰমা’ৰ বাবে নিৰ্বাচিত চলচিত্ৰসমূহৰ তালিকাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ পৰিচালিত আৰু অভিনীত ডিমাছা ছবি ‘ছেমখৰ’ৱেও স্থান লাভ কৰিছে।

অসমৰ পৰা ছেমখৰৰ উপৰিও আন দুখন ছবি ক্ৰমে ছিজৌ(বড়ো) আৰু বুম্বা ৰাইড (মিচিং) ‘ইণ্ডিয়ান পেন’ৰমা’ৰ বাবে নিৰ্বাচিত হৈছে। উল্লেখযোগ্য যে অহা ২০ তাৰিখে গোৱাত ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ চলচিত্ৰ সমাৰোহ সঞ্চালকালয় আৰু গোৱা চৰকাৰৰ উদ্যোগত আৰম্ভ হ’ব লগা ‘ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া’ৰ ‘ইণ্ডিয়ান পেন’ৰমা’ ত প্ৰদৰ্শন হ’ব লগা চলচিত্ৰসমূহৰ উদ্ধোধনী ছবি হৈছে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাৰ পৰিচালিত আৰু অভিনীত ডিমাছা ছবি ‘ছেমখৰ’।

Leave A Reply

Your email address will not be published.