danewsplus.com
danewsplus.com

মুগা শিল্পৰে স্বাৱলম্বী ডিমৌৰ এজন যুৱক

0 203

ডিজিটেল ডেস্কঃ মুগা শিল্পৰ বাবে অসম বিখ্যাত ৷ পৃথিৱীৰ ভিতৰত একমাত্ৰ অসমত উৎপাদন হয় এই সূতা। কিন্তু এতিয়া এই শিল্প প্ৰায় বিলুপ্তিৰ দিশত ৷ শিৱসাগৰৰ ডিমৌৰ এজন যুৱকে এই শিল্পক জীয়াই ৰখাৰ চেষ্টা চলাইছে ৷ ডিমৌৰ হলগুৰিৰ শৈলেন ৰাজখোৱা নামৰ যুৱকজনে ঘৰতে স্থাপন কৰিছে মুগা সূতা উৎপাদনৰ এটা উদ্যোগ ৷

বৰ্তমান বিভিন্ন কাৰণত মুগা বা মুগাৰ চুমনি সমূহ বিলুপ্তিৰ দিশে গতি কৰিছে যদিও ডিমৌ সমীপৰ চেপন হলগুৰিৰ উদ্যমী যুৱকজনে এই সোণালী সূতাৰ পুনৰুদ্ধাৰত ব্ৰতী হোৱাৰ লগতে সোণালী সূতা অৰ্থাৎ মুগা সূতাৰে বিভিন্ন বস্ত্ৰ প্ৰস্তুত কৰি নিজে আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ লগতে আন বহুজনৰ বাবে মুকলি কৰি দিছে উপাৰ্জনৰ পথ।

মাথোঁ ডেৰ বছৰৰ পূৰ্বে গাঁঠিৰ ধন ভাঙি নিজ গৃহতে প্ৰভা টেক্সতাইলছ নামেৰে এটি তাঁত শালৰ উদ্যোগ স্থাপন কৰিছিল শৈলেন ৰাজখোৱাই। ইয়াৰ পাছত থমকি ৰব লগা হোৱা নাই শৈলেন ৰাজখোৱাই, ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ গ্ৰাহক সকলক নিজ উদ্যোগৰ উৎপাদিত বস্ত্ৰ বিক্ৰী কৰি ৰাহি ধনেৰে ৯ খনকৈ উন্নত মানৰ শাল স্থাপন কৰিছে যুৱ ব্যৱসায়ীজনে।

বৰ্তমান শৈলেন ৰাজখোৱাই এই তাঁতৰ শালৰ পৰাই প্ৰতিজন অসমীয়াৰ স্বাভিমান সোণোৱালী সূতাৰে বিভিন্ন বস্ত্ৰ প্ৰস্তুত কৰি অসমৰ লগতে বহিঃৰাজ্যত অনুষ্ঠিত expo সমূহত অংশগ্ৰহণ কৰি গ্ৰাহক সকলৰ মাজত সমাদৰ লাভ কৰিছে। লগতে অসমৰ উপৰি বহিঃৰাজ্যত মুগা সূতাৰে নিৰ্মিত বিভিন্ন বস্ত্ৰৰ আদৰো বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। এই ব্যৱসায়ৰ জৰিয়তে শৈলেন ৰাজখোৱাই বৰ্তমান মহিলী ৭০ ৰ পৰা ৮০ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰাৰ লগতে প্ৰতিষ্ঠানটোত কৰ্মৰত আন ১৭ জনকৈ ব্যক্তিৰ জীৱন জীৱিকাৰ পথ প্ৰশস্ত কৰিছে।

Leave A Reply

Your email address will not be published.