danewsplus.com
danewsplus.com

কংগ্ৰেছৰ দখলত থকা আৰু ৫ সমষ্টিত উপ-নিৰ্বাচন! বিজেপি নেতাৰ পোষ্টক লৈ তোলপাৰ ৰাজ্যৰ ৰাজনীতি

0 406



ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত বিজেপি নেতাৰ পোষ্টক লৈ তোলপাৰ ৰাজ্যৰ ৰাজনীতি ৷ কংগ্ৰেছৰ দখলত থকা বৰক্ষেত্ৰী, ছয়গাঁও, দুধনৈ, তিতাবৰ, বকোত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি বিজেপি নেতা মুমিনুল আৱালে ফেচবুকত পোষ্ট দিছে ৷ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মাজুলীৰ কথাও পোষ্টটোত উল্লেখ কৰিছে ৷ পোষ্টটোত ভাব বোধক প্ৰশ্ন বোধক লগাই দিছে বিজেপি নেতাজনে ৷ সকলোৱে জানে মমিনুল আৱাল বিজেপিৰ এজন জ্যেষ্ঠ নেতা ৷ বিষয়টোক লৈ সেয়ে চৰ্চা স্বাভাৱিক ৷

ইতিমধ্যে ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ পিছতে মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই পুনৰ ৰাজ্যত একাধিক সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি মন্তব্য কৰিছিল ৷ কংগ্ৰেছৰ পৰা গৈ বিজেপি প্ৰাৰ্থী হিচাপে ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোহাঁয়ে বিপুল ভোটত জয়ী হৈ আহিল ৷ AIUDF এৰি ফণী তালুকদাৰেও বিজেপিৰ পৰা নিৰ্বাচন খেলি চমক দিলে ভৱানীপুৰত ৷ ইয়াৰ পিছতে

উগুল-থুগুল হৈ থকা মনবোৰত জোকাৰণিৰ সৃষ্টি হৈছে!

বিজেপিলৈ যাম যাম বুলি ভাবি থকাসকলে কথাবোৰ দকৈ ভাবিছে!

কেইবাজনো কংগ্ৰেছ বিধায়কে বিজেপিলৈ যাব বুলি ইতিমধ্যে চৰ্চা হৈছে ৷ অৱশ্যে বিজেপিলৈ নগ’লেও দুই এজনে শাসনাধিষ্ঠিত মিত্ৰদলৰ কোনোবা এটাত যোগ দিয়াব বুলিও আলোচনা হৈছে ৷ বিজেপি নেতায়ো দলৰ দুৱাৰ খোলা আছে বুলি মন্তব্য কৰিছে ৷

উল্লেখ কৰা সমষ্টিকেইটাৰ কংগ্ৰেছ বিধায়ক দুই এজনে অৱশ্যে অস্বীকাৰ কৰিছে বিজেপি গমনৰ কুচ-কাৱাজৰ কথা ৷ এতিয়া সময়েহে ক’ব ক’ৰ পানী ক’লৈ যায় ৷

Leave A Reply

Your email address will not be published.