danewsplus.com
danewsplus.com

অট্টালিকাই অট্টালিকাই বিমান-হেলিকপ্টাৰ থকা গাঁওখন

0 458

ডিজিটেল ডেস্কঃ এখন বিশেষ গাঁও। গাঁওখনৰ বিচিত্ৰ পৰিবেশে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ গাঁওখনত আছে ঘৰৰ ওপৰত হালৰ গৰু, ট্ৰেক্টৰ, ফুটবল খেলুৱৈ, যুদ্ধৰ টেংক, বৃহতকাৰ পদুম আৰু যে কি নাই! প্ৰেছাৰ কুকাৰ, ঘোঁৰাগাড়ী, উৰন্ত পক্ষী, পানী পৰিবহণ ট্ৰাককে ধৰি ঘৰৰ ওপৰত আছে বিভিন্ন আকৃতিৰ পানীৰ টেংক ৷ এই গাঁওখন আছে চণ্ডীগড়ত। চণ্ডীগড়ক নতুন ৰূপ দিয়াৰ বাবে এনেদৰে ঘৰৰ ওপৰত নিৰ্মাণ কৰা হৈছে পানীৰ টেংকসমূহ ৷


কিছুমান ঘৰৰ ওপৰত শ্বহীদ ভগত সিঙৰ প্ৰতিমূৰ্তিৰ আকৃতিত নিৰ্মাণ কৰা হৈছে পানীৰ টেংক ৷ আন কিছুমানৰ ঘৰৰ ওপৰত ভাৰতীয় সেনাৰ বীৰত্বৰ প্ৰতীক হিচাপে চিহ্নিত যুদ্ধৰ বিমান-হেলিকপ্টাৰ নিৰ্মাণ কৰা হৈছে ৷ পানী পৰিবহণ টেংকৰ আকৃতিত সজোৱা হৈছে পানীৰ টেংকসমূহ ৷

এই পানীৰ টেংকৰ সহায়ত গাঁওখনে প্ৰাচীন সভ্যতাক জীয়াই ৰখাৰ প্ৰসায় কৰিছে ৷ সেই বাবেই প্ৰাচীনত্বক ধৰি ৰখাৰ বাবেই মূৰত কলহ লৈ পানী আনি থকা মহিলা, গৰুৰ গাড়ীত বেপাৰ কৰিবলৈ যোৱা, সদাগৰে নাৱত উঠি বাণিজ্যলৈ যোৱা আদি বিভিন্ন প্ৰকাৰৰ পানীৰ টেংকী ঘৰৰ ওপৰত নিৰ্মাণ কৰিছে গাঁওবাসীয়ে ৷

এই গাঁওখনত থকা প্ৰায়সমূহ লোকেই বিদেশত থাকে৷ কিন্তু বিদেশত থাকিও নিজৰ সভ্যতাক জীয়াই ৰখাৰ উদ্দেশ্যেৰে এই লোকসকলে নিজৰ ঘৰৰ ওপৰত এনেদৰে নিৰ্মাণ কৰি লৈছে এনেধৰণৰ পানীৰ টেংকসমূহ ৷

Leave A Reply

Your email address will not be published.