danewsplus.com
danewsplus.com

কাজিৰঙাৰ বন্যহস্তীলৈ দীপাৱলীৰ কলগছ

0 346

ডিজিটেল ডেস্কঃ দেৰগাৱঁত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰশংসনীয় পদক্ষেপ। দীপাৱলীত চাকি জ্বলাবলৈ ব্যৱহাৰ কৰা কলগছ সংগ্ৰহ কৰি যোগান ধৰিলে কাজিৰঙাৰ বন্যহস্তীক। শনিবাৰে দেৰগাৱঁৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰহণ কৰে এই প্ৰশংসনীয় পদক্ষেপ। দেৰগাওঁ চহৰত দীপাৱলীত চাকি জ্বলাবলৈ ব্যৱহাৰ কৰা ৭০০ ৰো অধিক কলগছ সংগ্ৰহ কৰি কাজিৰঙাৰ বাগৰিৰ বন্যহস্তীৰ খাদ্যৰ বাবে প্ৰেৰণ কৰে ছাত্ৰ সংগঠনটোৱে ।

দীপাৱলী উদযাপনৰ পিছত চহৰৰ বিভিন্ন ঠাইত আৱৰ্জনা হৈ পৰি ৰয় চাকি জ্বলাবলৈ ব্যৱহাৰ কৰা কলগছ সমূহ। যি সময়ত খাদ্য অভাৱত বনাঞ্চলৰ পৰা জলাঞ্চললৈ বন্যহস্তী ওলাই আহিবলৈ বাধ্য হৈছে তেনে সময়তে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰহণ কৰা এই পদক্ষেপক শলাগ লৈছে সকলোৱে ।

Leave A Reply

Your email address will not be published.