danewsplus.com
danewsplus.com

কামাখ্যাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,কামাখ্যাকে ধৰি ৫টা স্থানত আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন

0 537

ডিজিটেল ডেস্কঃ কামাখ্যাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ প্ৰধানমন্ত্ৰী মোদীয়ে কেদাৰনাথ মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ কাম শুভাৰম্ভ কৰাৰ লগত সংগতি ৰাখি শুকুৰবাৰে ৰাজ্যতো কামাখ্যাকে ধৰি ৫টা স্থানত আধ্যাত্মিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে৷ এই উপলক্ষে আজি কামাখ্যা মন্দিৰত উপস্থিত হয় মুখ্যমন্ত্ৰী৷

মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া উপস্থিত থাকে কামাখ্যাত৷ কামাখ্যাৰ লগতে শিৱসাগৰৰ শিৱদৌল, তেজপুৰৰ মহাভৈৰৱ মন্দিৰ, তিনিচুকীয়াৰ টিলিঙা মন্দিৰ, গোৱালপাৰাৰ টুক্ৰেশ্বৰী মন্দিৰত শুকুৰবাৰে অনুষ্ঠিত হৈছে আধ্যাত্মিক অনুষ্ঠান৷

Leave A Reply

Your email address will not be published.